নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰিৱর্তে চিকাগোলৈ উভতিল বিমান

নিউজ ডেস্ক, ১১ মাৰ্চঃ প্রসাধনাগাৰ (টয়লেট) অপৰিষ্কাৰ সেইবাবেই ১০ ঘণ্টা পূৰণৰ পিছত গন্তব্যস্থানত উপস্থিত নহ’ল বিমান৷ ১০ ঘণ্টা উৰণ সত্ত্বেও চিকাগোলৈ ওভতাই নিয়া হ’ল বিমানখন৷ মাজ আকাশত যাত্রীসকলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ চিকাগোৰ পৰা নতুন দিল্লী অভিমুখে যাত্রা কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে৷ বিমানৰ ১২টা প্রসাধনাগাৰৰ ১১টা ব্যৱহাৰৰ বাবে অনুপযুক্ত হৈ পৰে৷ পানী জমা হৈ এই প্রসাধনাগাৰবোৰ ব্যৱহাৰৰ অনুপযুক্ত হৈছিল বুলি যাত্রীসকলে সংবাদ মাধ্যমক জনায়৷ কিন্তু বিমানখন প্রযুক্তিগত সমস্যাৰ বাবে পুনৰ চিকাগোলৈ ওভতাই নিয়া বুলি ঘোষণা কৰা হয়৷ উল্লেখনীয় যে বিমানখনত তিনি শতাধিক যাত্রী আছিল৷ অৱশ্যে চিকাগোত অৱতৰণৰ পিছত যাত্রীসকলৰ বাবে বিকল্প ব্যৱস্থা গ্রহণ কৰে উৰণ সংস্থাই৷ বিনামূলীয়াকৈ বিকল্প যাত্রাৰ প্রতি আগ্রহ নোহোৱা যাত্রীসকলক সম্পূর্ণ ধন ঘূৰাই দিয়াৰ প্রতিশ্রুতি দিয়ে এয়াৰ ইণ্ডিয়াই৷

You might also like