নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলৰ খেলুৱৈৰে থাকিব পাৰিব পৰিয়ালৰ সদস্য, বান্ধৱী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্ৰফীৰ বাবে বিচিচিআয়ে সলনি কৰিলে নিয়ম৷ প্রতিযোগিতাখনৰ সময়ত পৰিয়ালৰ লোকক খেলুৱৈসকলৰ সৈতে থাকিবলৈ অনুমতি প্রদান কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অর্থাৎ খেলুৱৈয়ে ইচ্ছা কৰিলে চেম্পিয়নছ ট্ৰফীৰ সময়ত তেওঁলোকৰ পৰিয়াল তথা বান্ধৱীক লগত ৰাখিব পাৰে৷ অৱশ্যে ইয়াৰ বাবে বান্ধি দিয়া হৈছে এটা চর্ত৷ সেহটো হ’ল– তেওঁলোকে মাত্র এখন মেচৰ বাবেহে এই কাম কৰিব পাৰিব৷ অষ্ট্রেলিয়াত অনুষ্ঠিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ পিছত বিচিচিআয়ে ১০টাকৈ নতুন নিয়ম কার্যকৰী কৰিছিল৷ তাৰ ভিতৰত এটা আছিল বিদেশ ভ্রমণৰ সময়ত পৰিয়ালৰ লোকক লগত নিয়াৰ সৈতে জড়িত৷ চেম্পিয়নছ ট্ৰফীৰ বাবে বর্তমান সময়ত ডুবাইত আছে টীম ইণ্ডিয়া৷ পূর্বৰ নিয়ম অনুসৰি খবৰটো আছিল যে এই ভ্রমণত কোনো ভাৰতীয় খেলুৱৈয়ে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰে বা ৰাখিব নোৱাৰে৷ অৱশ্যে এতিয়া বিচিচিআইৰ সূত্রৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পাইছে যে কোনো ভাৰতীয় খেলুৱৈয়ে বিচাৰিলে যিকোনো এখন মেচৰ বাবে নিজৰ পৰিয়ালক ডুবাইলৈ লৈ যাব পাৰিব৷ এতিয়া প্রশ্ন হয়– ব’র্ডে কিয় নিজে বনোৱা নিয়ম সলনি কৰিলে? ইয়াৰ কাৰণ এইটোৱে যে বিষয়টো সন্দর্ভত এজন জ্যেষ্ঠ বিষয়াই বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াৰ সৈতে কথা পাতিছিল৷ ইয়াৰ পিছত সিদ্ধান্ত লোৱা হয় যে খেলুৱৈসকলে যিকোনো এখন মেচৰ বাবে পৰিয়ালৰ লোকক লগত নিব পাৰিব৷ কিন্তু হয়াৰ বাবে তেওঁলোকে বিচিচিআইক জনাব লাগিব৷ তেওঁলোকৰ পৰা অনুমতি ল’ব লাগিব৷ প্রকাশিত প্রতিবেদনত বিচিচিআইৰ এজন বিষয়াৰ হৈ কোৱা হৈছে যে টীম ইণ্ডিয়াৰ কোনো খেলুৱৈয়ে আৰম্ভণিতে পৰিয়ালৰ সৈতে যোৱা নাই৷ গতিকে, এতিয়া মেচৰ বাবে পৰিয়ালক তালৈ নিমন্ত্রণ জনাবলৈ অনুমতি দিয়া হৈছে৷ ব’ৰ্ডৰ বিষয়াগৰাকীৰ উদ্ধৃতি দি এইটোও কোৱা হৈছে যে এতিয়ালৈকে কোনো খেলুৱৈয়ে নিজৰ পৰিয়ালক ডুবাইলৈ নিমন্ত্রণ জনোৱাৰ অনুমতি বিচৰা নাই৷

You might also like