মৃত্যুৰে যুঁজিছে ঋষভ পণ্টৰ প্রাণৰক্ষা কৰা যুৱকে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ পথ দুর্ঘটনাত আহত ভাৰতীয় ক্রিকেটাৰ ঋষভ পণ্টৰ জীৱন ৰক্ষা কৰিছিল দুজন যুৱকে৷ পণ্টৰ জীৱন ৰক্ষা কৰা এই দুজন যুৱকৰ এজনে এতিয়া হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে৷ প্রেমিকাৰ সৈতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে৷ ইতিমধ্যে প্রেমিকাৰ মৃত্যু হৈছে৷ কিন্তু সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন৷ ৰজত কুমাৰ আৰু নিশু নামৰ দুয়োজন যুৱকে ২০২২ চনৰ ৩০ ডিচেম্বৰত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত ঋষভ পণ্টৰ জীৱন ৰক্ষা কৰিছিল৷ গাড়ীৰ গ্লাছ ভাঙি পণ্টক বাহিৰলৈ উলিয়াই হাস্পতাললৈ নিছিল ৰজত কুমাৰ আৰু নিশুৱে৷ ৰজত কুমাৰৰ মনু কাশ্যপ নামৰ তৰুণী এজনীৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠিছিল৷ পৰিয়ালৰ অমান্তি সত্ত্বেও দুয়ো বিয়াত বহিবলৈ সন্মত হৈছিল যদিও মুজাফফৰ নগৰৰ এক নির্জন স্থানলৈ গৈ দুয়ো বিহপান কৰে৷ পথত পৰি থকা মনু আৰু ৰজতক স্থানীয় লোকে হাস্পতাললৈ লৈ যায়৷ কিন্তু ইতিমধ্যে মনুৰ মৃত্যু হৈছে৷