নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাৱণ’ৰ প্রহাৰত মঞ্চত ‘ৰাম’ৰ দুর্দশা, ভয়ত পলাল লক্ষ্মণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ অক্টোবৰঃ ৰামায়ণত সীতাক হৰণৰ অপৰাধত শ্রীৰামৰ হাতত মৰিবলগীয়া হৈছিল ৰাক্ষস ৰাৱণে৷ কিন্তু বাস্তৱত ৰাৱণ সংহাৰ কৰিবলৈ গৈ ৰামৰ দুর্দশাৰ শেষ নোহোৱা হ’ল৷ মঞ্চৰ ওপৰত পেলাই ৰামক প্রহাৰ কৰিলে ৰাৱণে৷ ৰাৱণৰ অত্যাচাৰ, চৰ–ঘোচাত ৰামৰ অৱস্থা কাহিল হৈ পৰিল৷ ৰামৰ ওপৰত ৰাৱণৰ এনে তাণ্ডৱ দেখি লুকুওৱাৰ বাবে ঠাই বিচাৰিব ধৰিলে লক্ষ্মণে৷ অভিনয়ৰ খণ্ড যুদ্ধই যে এনেদৰে বাস্তৱ ৰূপ ল’ব সেই কথা কোনেও ভাবিব পৰা নাছিল৷ ৰাৱণৰ হাতৰ পৰা ৰামক উদ্ধাৰ কৰিবলৈ মঞ্চলৈ দৌৰি আহিবলগীয়া হয় আয়োজকসকল৷ সমগ্র ঘটনাৰ ভিডি’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ যোৱা শনিবাৰে এই ঘটনা ঘটিছে উত্তৰ প্রদেশৰ আমৰোহা জিলাত৷ দশেৰা উপলক্ষে অঞ্চলটোত আয়োজন কৰা হৈছিল ৰামলীলাৰ অনুষ্ঠান৷ আৰম্ভণিৰে পৰা সকলো ঠিকেঠাকে আছিল৷ অভিনয়ৰ শেষ পর্যায়ত আৰম্ভ হয় ৰাম–ৰাৱণৰ যুদ্ধ৷ এফালে ৰাৱণক লক্ষ্য কৰি তীৰ এৰিছে ৰাম–লক্ষ্মণে৷ আনফালে, ৰাৱণেও আৰম্ভ কৰিছে প্রত্যাক্রমণ৷ এই যুদ্ধ চলা সময়ত মঞ্চৰ এটা প্রান্তৰ পৰা অন্য প্রান্তলৈ দৌৰি যোৱাৰ সময়ত ৰাম আৰু ৰাৱণৰ মাজত খুন্দা লাগে৷ তাৰ পৰাই আৰম্ভ হয় গোণ্ডগোল৷ ইয়াৰ মাজতে ৰামৰ তীৰৰ খোঁচা গাত লগাৰ লগে লগে ক্ষুব্ধ হৈ পৰে ৰাৱণৰূপী অভিনেতাগৰাকী৷ ৰাৱণে ধনু ত্যাগ কৰি মঞ্চতে ৰামৰ সৈতে মুষ্টিযুদ্ধত লিপ্ত হৈ পৰে৷ ষ্টেজত ৰামক পেলাই লৈ জধে–মধে প্রহাৰ কৰিবলৈ ধৰে ৰাৱণে৷ কাণ্ড দেখি লক্ষ্মণৰ ভয়ত অৱস্থা নাই৷ গতিকে পলায়নৰ চেষ্টা চলায়৷ আয়োজকসকলে আহি পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও ইতিমধ্যে দর্শকৰ মাজত হাঁহিৰ ৰোল উঠে৷

You might also like