নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নজিৰবিহীন! সন্তানে আয়োজন কৰিলে মাতৃৰ বিবাহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ পিতৃ–মাতৃৰ বাবে সন্তানৰ বিয়া পাতি দিয়াটো এক সপোন সন্তানক যুগ্ম জীৱনৰ পাতনি মেলাৰ ক্ষেত্রত বিভিন্ন ধৰণে সহায় কৰে পিতৃ–মাতৃয়ে৷ কিন্তু সন্তানে মাতৃৰ বিয়া পাতি দিয়া ঘটনা নজিৰবিহীন৷ পাকিস্তানত সংঘটিত হৈছে এই ঘটনা৷ পাকিস্তানী যুৱক এজনে নিজৰ মাতৃক পুনৰ প্রণয়পাশত আবদ্ধ হোৱাৰ ক্ষেত্রত সহায় কৰি দিছে৷ আনকি মাতৃৰ নিকাহ সম্পন্ন কৰি দিছে প্রেমিকৰ সৈতে৷ ইতিমধ্যে এই নিকাহৰ ভিডি’ অনলাইনত শ্বেয়াৰ কৰিছে পুত্রই৷ আব্দুল আহাদ নামৰ যুৱকজনে মাতৃৰ সৈতে থকা পূর্বৰ আৱেগস্পর্শী মুহূর্তৰ বিভিন্ন কথা সন্নিৱিষ্ট কৰিছে ইনষ্টাগ্রামৰ পোষ্টত৷ দ্বিতীয়বাৰৰ কাৰণে মাতৃক জীৱন সংগী বিচাৰি লোৱাৰ ক্ষেত্রত সহায় কৰি আব্দুল আহাদে ইতিমধ্যে বিভিন্ন মহলৰ প্রশংসা লাভ কৰিছে৷ ইনষ্টাগ্রামৰ পোষ্টটোত আহাদে লিখিছে যে বিগত ১৮ বছৰ ধৰি তেওঁ নিজৰ মাতৃক এটা বিশেষ জীৱন উপহাৰ দিয়াৰ বাবে চেষ্টা চলাই আহিছিল৷ কাৰণ মাতৃয়ে আহাদসহ ভাতৃ–ভগ্ণীসকলৰ কাৰণে অশেষ ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল৷ ইয়াৰ মাজতে এগৰাকী ব্যক্তিৰ সৈতে মাতৃৰ প্রণয়ৰ সম্পর্ক গঢ়ি উঠে৷ আহাদে মাতৃক দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হ’বলৈ উৎসাহিত কৰে৷ অকল সেয়াই নহয়, এইক্ষেত্রত নিজে মাতৃৰ নিকাহৰ বাবে তৎপৰতা গ্রহণ কৰে আহাদে৷ ইতিমধ্যে এই নিকাহৰ ভিডি’ তথা আলোকচিত্র ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ লক্ষণীয়ভাৱে ইনষ্টাগ্রামৰ এই পোষ্টক লৈ বিভিন্ন মহলে আহাদক প্রশংসা কৰা পৰিলক্ষিত হৈছে৷

You might also like