এদিনৰ ভিতৰতে পুনৰ ৰঙাঘৰত ৱাশ্বিংটনৰ যুৱক, কাৰাগাৰৰ পৰা ওলাই প্রেমিকাৰ কুকুৰা চুৰি
নিউজ ডেস্ক, ৮ এপ্ৰিলঃ চুৰিৰ অভিযোগত কাৰাগাৰলৈ গৈছিল যুৱকজন৷ ৰঙাঘৰৰ পৰা বাহিৰ ওলায়ে এঘণ্টা পিছত পুনৰ চুৰি কৰিলে যুৱকজনে৷ প্রাক্তন প্রেমিকাৰ ঘৰলৈ গৈ কুকুৰা চুৰি কৰি পলায়ন কৰে যুৱকজনে৷ কিন্তু শেষৰক্ষা নহ’ল তেওঁৰ৷ পুনৰ আৰক্ষীৰ জালত পৰিল যুৱকজন৷ আৰক্ষীৰ জালত পৰাৰ পিছতে হিয়াঢ়াকুৰি কান্দে যুৱকজনে৷ ইতিমধ্যে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এই ঘটনাটো আমেৰিকাৰ ৱাশ্বিংটনৰ কিটছাপ কাউণ্টী অঞ্চলৰ৷ তৰুণীৰ প্রিয় কুকুৰা চৰাইটোৰ নাম পলি৷ ভাইৰেল হোৱা ভিডি’ত দেখিবলৈ পোৱা গৈছে গভীৰ অৰণ্যৰ ভিতৰৰ পৰা এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ যুৱকজনৰ হাতত কুকুৰা চৰাইটো আছে৷ আৰক্ষীক দেখি কান্দি উঠিছে যুৱকজনে৷ সূত্রই সদৰী কৰা অনুসৰি কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ কেইঘণ্টামানৰ পিছতে চুৰি কৰে যুৱকজনে৷ স্মর্তব্য যে এটা বাসগৃহত চুৰিৰ অভিযোগত পূর্বে গ্রেপ্তাৰ কৰা হৈছিল যুৱকজনক৷ তৰুণীৰ অভিযোগ অনুসৰি দীর্ঘদিন পূর্বে যুৱকজনৰ সৈতে সম্পর্ক ছেদ হৈছিল৷ কিন্তু প্রাক্তন প্রেমিকে হঠাতে আহি উপস্থিত হয় তৰুণীৰ বাসগৃহত৷ তৰুণীয়ে দুৱাৰ খুলি দিবলৈ অস্বীকাৰ কৰাত যুৱকজনে তৰুণীজনীৰ কুকুৰা চৰাইটো লৈ পলায়ন কৰে৷ লগে লগে তৰুণীয়ে স্থানীয় আৰক্ষী থানাত অভিযোগ দিয়ে৷ আৰক্ষীয়ে তালাচী চলাই অৰণ্যৰ পৰা যুৱকজনক গ্রেপ্তাৰ কৰে৷