নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত বিজেপি নেতাৰ সৈতে পলায়ন তৃণমূল কংগ্রেছ কর্মী ৰ পত্নীৰ

পশ্চিমবংগত বিজেপি নেতাৰ সৈতে পলায়ন তৃণমূল কংগ্রেছ কর্মী ৰ পত্নীৰ

নিউজ ডেস্ক, ২০ মে’ : তৃণমূল কর্মীৰ ঘৰৰ সন্মুখতে বিজেপিৰ দলীয় কার্যালয়৷ স্থানীয় বিজেপি নেতাৰ সৈতে তৃণমূল কর্মীগৰাকীৰ পত্নীৰ বার্তালাপ হৈছে৷ দুয়োৰে মাজত সঘনে চলিছিল কথা–বতৰা৷ কেইদিনমান পূর্বে তৃণমূল কর্মীগৰাকীৰ পত্নীয়ে ঘৰৰ পৰা পলায়ন কৰে৷ একেই দিনাখনৰ পৰাই সন্ধানহীন বিজেপি নেতাও৷

পাছত সর্বসাধাৰণ ৰাইজৰ মাজত আলোচনা চলে যে বিজেপি নেতাৰ সৈতে পলায়ন কৰিছে তৃণমূল কংগ্রেছৰ কর্মীৰ পত্নীয়ে৷ এই ঘটনাক লৈ চর্চা চলাৰ সময়তে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনা৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে পশ্চিমবংগৰ মালদহৰ হৰিশ্চন্দ্রপুৰত৷ এই বিবাহবহির্ভূত সম্পর্কক লৈ দুয়োটা পৰিয়ালৰ মাজত এতিয়া আৰম্ভ হৈছে দুর্বাদল কাজিয়া৷

পত্নীৰ সন্ধানত তৃণমূল কংগ্রেছৰ কর্মীগৰাকীয়ে বিভিন্ন স্থানলৈ আত্মীয় লোকক প্রেৰণ কৰিছে৷ ইতিমধ্যে এই বিষয়টোক লৈ মালদহত বিজেপি আৰু তৃণমূলৰ মাজত আৰম্ভ হৈছে মতানৈক্য৷

You might also like