নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ সংগ বিচাৰি কাৰাগাৰৰ বাসিন্দা বৃদ্ধা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ প্রযুক্তিনির্ভৰ জীৱনে মচি দিব নোৱাৰে নিঃসংগতা৷ জীৱনৰ বিয়লি বেলাত এই নিঃসংগতা যে কিমান ভয়াৱহ অভিশাপ হৈ নামি আহে, তাক আকৌ এবাৰ স্পষ্ট কৰিলে জাপানী এগৰাকী বৃদ্ধাই৷ জাপানৰ বৃদ্ধ মহিলা আকি’ৰ অদ্ভুত কার্যই বিষয়টোক লৈ ভাবিবলৈ বাধ্য কৰিছে বিভিন্ন মহলক৷ জীৱনৰ একাকীত্বৰ পৰা পৰিত্রাণ পাবলৈ এটাৰ পিছত এটাকৈ অপৰাধ সংঘটিত কৰিলে এই মহিলাগৰাকীয়ে৷ এই অপৰাধ সংঘটিত কৰাৰ কাৰণ হ’ল তেওঁ যিকোনো প্রকাৰে কাৰাবন্দী হ’ব লাগে৷ কাৰাগাৰৰ বাসিন্দাসকলৰ সৈতে জীৱনৰ শেষ দিনকেইটা কটাবলৈ এনে কার্য সংঘটিত কৰিলে মহিলাগৰাকীয়ে৷ অর্থাৎ জীৱনৰ শেষ দিনকেইটা অন্ততঃ মানুহৰ সংগত থাকিব লাগে৷ অশীতিপৰ আকি’ক ৰখা হৈছে দেশখনৰ আটাইতকৈ বৃহৎ কাৰাগাৰত৷ টকি’স্থিত টোচিগি মহিলা কাৰাগাৰৰ বাসিন্দা আকি’৷ জাপানৰ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, ৮১ বছৰীয়া আকি’ই বিভিন্ন সময়ত খাদ্য চুৰি, শ্বপিং মলৰ পৰা মূল্যৱান সামগ্রী চুৰি কৰি আহিছিল৷ এনে কার্যৰ বাবে দুবাৰকৈ কাৰাগাৰত সোমাবলগীয়া হৈছে মহিলাগৰাকীয়ে৷ পৰৱর্তী সময়ত দীর্ঘদিনৰ বাবে কাৰাগাৰত থকাৰ পৰিকল্পনা কৰে মহিলাগৰাকীয়ে৷ সেই পৰিকল্পনা অনুসৰি পুনৰ চুৰি কার্যত লিপ্ত হয় আকি’৷ এনেদৰে সঘনে কাৰাগাৰত সোমাবলগীয়া হৈছে মহিলাগৰাকী৷ লক্ষণীয়ভাৱে কাৰাবন্দীসকলৰ সংগত সুখত থকা বুলি আকি’ই সংবাদ মাধ্যমক জনাইছে৷ মূলতঃ কাৰাগাৰেই অশীতিপৰ মহিলাগৰাকীৰ জীৱনৰ নিঃসংগতা দূৰ কৰিছে৷

You might also like