নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে ডকাইতৰ ৰূপত অৱতীর্ণ হৈ ১ কেজি সোণ জব্দ কৰা ঘটনাত জড়িত এজন আৰক্ষী বিষয়াক গ্রেপ্তাৰ কৰিছে চৰকাৰী ৰে’ল আৰক্ষীয়ে৷ ধৃত আৰক্ষী বিষয়াজন হ’ল জিআৰপিৰ সহকাৰী উপ–পৰিদর্শক শ্রৱণ ঝা৷ ৰে’ল আৰক্ষীৰ সূত্রই জনোৱা মতে, যোৱা ১৭ জানুৱাৰীত নামনিমুৱা ৰাজধানী এক্সপ্রেছত তালাচী চলাই সুৰেশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ পৰা ১ কেজি সোণৰ বিস্কুট লুট কৰা ঘটনা সংক্রান্তত শ্রৱণ ঝাক গ্রেপ্তাৰ কৰা হৈছে৷ আনহাতে, একেটা ঘটনাত জড়িত থকা ৰে’ল আৰক্ষী বুলবুল হক চৌধুৰী আৰু তিলেচান বড়ো বর্তমান পলাতক হৈ আছে৷ সূত্রটোৱে জনোৱা মতে, ঘটনা সন্দর্ভত আৰক্ষীয়ে ধৃত শ্রৱণ ঝাক সোধা–পোছা কৰি আছে৷ উল্লেখ্য যে ১৭ জানুৱাৰীত ব্যৱসায়ী সুৰেশ কুমাৰে ১ কিলো সোণৰ বিস্কুট লৈ ৰে’লেৰে ফৰিদাবাদলৈ যাবলৈ নামনিমুৱা ৰাজধানী এক্সপ্রেছত উঠিছিল৷ ১নং প্লেটফর্মত ৰখাই থোৱা নামনিমুৱা ৰাজধানী এক্সপ্রেছত তিনিজনীয়া আৰক্ষীৰ দলে সুৰেশ কুমাৰক তালাচী চলাই সোণৰ বিস্কুটকেইখন লুট কৰিছিল৷ ব্যৱসায়ী কুমাৰে যোৱা ৩০ জানুৱাৰীত ঘটনা সন্দর্ভত গুৱাহাটী ৰে’লৱে থানাত ২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটোত ৰে’ল আৰক্ষীয়ে তদন্ত চলাই সোমবাৰে সহকাৰী উপ–পৰিদর্শক শ্রৱণ ঝাক গ্রেপ্তাৰ কৰে৷