নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰে’ল ষ্টেচনত তালাচীৰ নামত যাত্রীৰ পৰা এক কিঃগ্রাঃ সোণ ডকাইতিত জড়িত আৰক্ষী বিষয়া শ্রৱণ কুমাৰ ঝাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আন দুজন অভিযুক্ত কনিষ্টবল ত্রিলোচন বড়ো আৰু বাবুল হক চৌধুৰী এতিয়াও পলাতক হৈ আছে৷ গুৱাহাটী ষ্টেচনত যোৱা ১৭ জানুৱাৰীত নামনিমুৱা ৰাজধানী এক্সপ্রেছত তালাচী চলোৱাৰ নামত সুৰেশ কুমাৰ নামৰ যাত্রীগৰাকীৰ পৰা এক কেজি সোণ ৩গৰাকী চৰকাৰী ৰে’ল আৰক্ষীৰ জোৱানে লুটি নিছিল৷ ঘটনা সন্দর্ভত যোৱা ৩০ জানুৱাৰীত ৰে’লৱে থানাত ২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়৷ উক্ত গোচৰটোৰ ভিত্তিত এই ডকাইতিৰ ঘটনা সন্দর্ভত তদন্ত কৰিবলৈ শীর্ষ আৰক্ষী বিষয়াই ডি এছ পি উৎপল দাসৰ নেতৃত্বত তিনিজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল৷ ইফালে আন দুজন অভিযুক্ত কনিষ্টবল এতিয়াও পলাতক হৈ আছে৷ আৰক্ষীৰ তদন্তত ১৭ জানুৱাৰীৰ দিনা যাত্রীগৰাকীৰ পৰা সোণখিনি লুট কৰাৰ পাছতে তিনিগৰাকী আৰক্ষীৰ জোৱানে এক নং প্লেটফর্মৰ আৰ পি এফ থানাৰ কাষত ৰে’লৰ পৰা নামিছিল৷ শীর্ষ আৰক্ষী বিষয়াৰ ছত্রছায়াত বহু বিতর্কিত এ এছ আই শ্রৱণ কুমাৰ ঝায়ে গুৱাহাটী ষ্টেচনত বিগত ২২ বছৰ ধৰি চাকৰি কৰি আহিছিল৷ শীর্ষ আৰক্ষী বিষয়াক তৈলমর্দন কৰি কনিষ্টবলৰ পৰা এ এছ আইলৈ পদোন্নতি পোৱা শ্রৱণ কুমাৰ ঝায়ে মুখ্যমন্ত্রীৰ পৰা বিশেষ আৰক্ষী সেৱা বঁটাও লাভ কৰিছিল৷ আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রৰে সু–সম্পর্ক ৰক্ষা কৰি অহা ঝায়ে নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে৷ বিতর্কিত এ এছ আই শ্রৱণৰ বিহাৰত ভূ–সম্পত্তি, ফ্লেট থকাৰ লগতে দিল্লীতো তিনিটাকৈ ফ্লেট থকাৰ অভিযোগ উত্থাপিত হৈছে৷ কেৱল বিহাৰ–দিল্লীতেই নহয়, দেশৰ আন কেইবাটাও স্থানত ঝাৰ নামে–বেনামে সম্পত্তি থকা বুলি আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ এখন ৰাজ্যৰ এগৰাকী আৰক্ষী সঞ্চালকপ্রধান, ৰাজ্যৰ কেইবাগৰাকীও শীর্ষ আৰক্ষী বিষয়াৰ সোঁহাত স্বৰূপ আছিল ডকাইতিত জড়িত এইগৰাকী শ্রৱণ কুমাৰ ঝা৷