নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিপন গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা

আমোল পালেকাৰৰ নাটেৰে সামৰণি পৰিল চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বলীউডৰ বলিষ্ঠ অভিনেতা আমোল পালেকাৰৰ অনবদ্য একক অভিনয়সমৃদ্ধ কুছুৰ দ্য মিছটেকেৰে সামৰণি পৰিল চতুর্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল ৷ উল্লেখ্য যে প্রতিবছৰৰ দৰে এইবছৰো গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে সামৰণিৰ দিনা আগবঢ়ায় নাট্যক্ষেত্রত জীৱনজোৰা সাধনা বঁটা ৷

চতুর্থবাৰৰ বাবে এই বঁটা প্রদান কৰা হয় অসমৰ নাট্যক্ষেত্র, চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ৷ অসমৰ নাট আৰু চলচ্চিত্র জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবেই বর্ষীয়ান অভিনেতাগৰাকীলৈ এই বঁটা আগবঢ়োৱা হয় ৷

ইপিনে এই বঁটা গ্রহণ কৰি উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সন্তুষ্টিও প্রকাশ কৰে অভিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে ৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে আয়োজন কৰা এই নাট মহোৎসৱত এইবাৰ পট্টে খুল গয়ে, দ্য ডেভিল ৱের্ছ বাটা আৰু আমোল পালেকাৰৰ কুছুৰ দ্য মিছটেক মঞ্চস্থ হয় ৷

You might also like