নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰত দুৰ্বৃত্তই কাঢ়িলে বেংক কৰ্মচাৰীৰ ২৫ লাখ

আৰক্ষী-নিৰাপত্তাৰক্ষী গিজগিজাই থকা মহানগৰীৰ ৰাজপথত পুনৰ দিন-ডকাইতি

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈ অহা অপৰাধজনিত ঘটনা ৰোধ কৰাত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ চলিত বর্ষৰ ১৬টা দিন পাৰ নৌহওঁতেই মহানগৰ আৰক্ষীৰ ব্যর্থতা উদঙাই দুর্বৃত্তই সংঘটিত কৰিলে তিনিটাকৈ লোমহর্ষক হত্যাকাণ্ড৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ এইচ বি ৰোডৰ পৰা বৃহস্পতিবাৰে দিন দুপৰতে পালছাৰ বাইকত অহা দুর্বৃত্তই বেংক কর্মচাৰীৰ পৰা লুট কৰি নিয়ে ২৫ লাখকৈ টকা৷ গুৱাহাটীৰ এপেক্স বেংকৰ মুখ্য কার্যালয়লৈ পাণবজাৰৰ আইডিবিআই বেংকৰ পৰা এএছ–০১–এজি–৩০২৫ নম্বৰৰ বাইকেৰে দুই বেংক কর্মচাৰীয়ে ২৫ লাখকৈ টকা এইচ বি ৰোডেৰে আনি থকাৰ সময়তে দিনৰ প্রায় ২.৩০ বজাত শ্বেখ ব্রাডার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ সন্মুখতে নাম্বাৰ প্লেটবিহীন ক’লা পালছাৰত অহা দুই দুর্বৃত্তই পিছফালৰ পৰা খুন্দা মাৰি ধনৰ টোপোলা লৈ উধাও হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাণবজাৰ শাখাৰ আইডিবিআই বেংকৰ পৰা এপেক্স বেংকৰ কেছিয়াৰ ৰিপু দত্ত আৰু পিয়ন ৰমেশ চন্দ্র দাসে ২৫ লাখ টকা উঠাই বাইকেৰে আহি থকাৰ সময়তে বাইকত অহা দুই দুর্বৃত্তই ধনখিনি লুট কৰি নিয়ে৷ পাণবজাৰ ট্রেফিক পইণ্টত কর্মৰত যান–বাহন শাখাৰ আৰক্ষীয়ে দুর্বৃত্তৰ বাইকখনৰ পিছে পিছে খেদি যায়৷ কিন্তু তীব্র বেগেৰে দুই দুর্বৃত্তই পলায়ন কৰে৷ ঘটনা সন্দর্ভত পাণবজাৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৪ ধাৰাৰ অধীনত ৩১/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ লক্ষণীয় যে বেংকলৈ ধন অনাৰ সময়ত আৰক্ষীক অৱগত কৰিব লাগে যদিও কি কাৰণত এই বিষয়ে অৱগত নকৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত পাণবজাৰ আৰক্ষীয়ে প্রত্যক্ষদর্শী আৰু বেংক কর্মচাৰীক সোধা–পোছা অব্যাহত ৰাখিছে৷ ইফালে মাঘ বিহুৰ আনন্দ–উল্লাসৰ মাজতে যোৱা ১৪ জানুৱাৰীত ৰিহাবাৰীৰ এ কে আজাদ ৰোডৰ পৰা পালচাৰ বাইকত অহা দুই দুর্বৃত্তই এগৰাকী মহিলাৰ পৰা ৫.৩০ লাখ টকা লুট কৰি নিয়ে৷ মহিলাগৰাকীয়ে অটৰিক্সাত উঠিবলৈ লওতেই দুই দুর্বৃত্তই টকাৰ মোনাখন কাঢ়ি লৈ যায়৷

You might also like