নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবাৰীৰ চাহ বাগিচাত মৃত হাতী পোৱালি উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মহানগৰীৰ চন্দ্রপুৰ অঞ্চলৰ পাণবাৰীৰ চাহ বাগিচাৰ ভিতৰত এটা বনৰীয়া হাতীৰ পোৱালিৰ মৃতদেহ উদ্ধাৰক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত অঞ্চলটোৰ একাংশ ৰাইজে চাহ বাগিচাৰ ভিতৰত হাতীৰ পোৱালিটোৰ মৃতদেহ প্রত্যক্ষ কৰে৷ ঘটনা প্রত্যক্ষদর্শী ৰাইজে ততালিকে ঘটনাটো আমছাং অভয়াৰণ্য কর্তৃপক্ষক অৱগত কৰে৷ অভয়াৰণ্য কর্তৃপক্ষই চিকিৎসক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ পোৱালিটোৰ পৰীক্ষা–নিৰীক্ষা কৰে৷ পিছত বন বিভাগৰ লোকে উক্ত স্থানতে গাঁত খান্দি মৃত হাতীৰ পোৱালিটো পুতি থয়৷ স্থানীয় ৰাইজৰ সন্দেহ যে খাদ্যৰ সন্ধানত আমছাং অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকৰ ভিতৰত হাতীৰ পোৱালি আছিল৷ কিন্তু কি কাৰণত হাতীৰ পোৱালিটোৰ মৃত্যু হ’ল সেয়া ৰহস্যজনক৷ হয়তো বন্যহস্তীৰ জাকটোৰ মাজত কোনো সংঘাত হোৱাত হাতীৰ পোৱালিটোৰ মৃত্যু হৈছে৷ উল্লেখ্য যে যোৱা মঙলবাৰে খাদ্যৰ সন্ধানত আমছাং অভয়াৰণ্যৰ ৫ জনীয়া পোৱালিসহ এটা ৩২জনীয়া বন্যহস্তীৰ জাকে পাণবাৰী অঞ্চলৰ গৰৈমাৰী বিলত অৱস্থান কৰিছিল৷ বন্যহস্তীৰ জাকটোৱে যোৱানিশা অর্থাৎ বুধবাৰে নিশাৰ ভাগত পাণবাৰীৰ গৰৈমাৰী বিলৰ পৰা আঁতৰি চাহ বাগানৰ মাজেৰে আমছাং অভয়াৰণ্যত প্রৱেশ কৰিছিল৷ হয়তো সেই বন্যহস্তীৰ জাকটোৰ মাজৰ এটা পোৱালি হাতীয়ে মৃত্যুক আঁকোৱালি লয়৷ হাতীৰ পোৱালিটোৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও বন বিভাগে ৰাজহুৱা কৰা নাই৷

You might also like