নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত বাইক ষ্টাণ্টেৰে উদণ্ড যুৱকৰ সন্ত্রাস

🔹 নির্বিকাৰ আৰক্ষী–পৰিবহণ বিভাগ

🔹 জি এছ ৰোড, আৰ জি বৰুৱা ৰোড, এম জি ৰোডত নিশা বাইকার্ছৰ অতপালি

বিশেষ বার্তা, ৮ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত যান–বাহন আইন উলংঘাৰে উদণ্ড বাইকার্ছে সন্ত্রাস অব্যাহত ৰাখিছে৷ মহানগৰ যান–বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ নির্বিকাৰ ভূমিকাৰ সুযোগ লৈ ৰাজপথত বাইক ষ্টাণ্টেৰে সন্ত্রাস সৃষ্টি কৰি আহিছে উদণ্ড যুৱকৰ দলে৷ চৰকাৰ আৰু পৰিবহণ বিভাগে পথ দুর্ঘটনা ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি সজাগতামূলক কার্যসূচী অব্যাহত ৰখাৰ সময়তে গুৱাহাটী মহানগৰীৰ জি এছ ৰোড, ৰাধাগোবিন্দ বৰুৱা পথ আৰু মহাত্মা গান্ধী পথত নিশাৰ ভাগত যুৱকৰ দলে বাইক ষ্টাণ্ট কৰি অহাৰ দৃশ্য শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিশেষকৈ খানাপাৰাত পুৱতি নিশা যুৱকৰ দলে জীৱনৰে হেতালি খেলি ভয়াৱহভাৱে বাইক ষ্টাণ্ট কৰি সন্ত্রাস সৃষ্টি কৰি আহিছে৷ একেদৰে আৰ জি বৰুৱা ৰোড, এম জি ৰোডতো অনুৰূপ ধৰণে বাইক ষ্টাণ্ট কৰি আহিছে একাংশ উদণ্ড যুৱকে৷ বাইক ষ্টাণ্ট কৰা যুৱকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ঘোষণা কৰিছিল৷ কিন্তু গুৱাহাটীৰ ৰাজপথত নিশা বাইক ষ্টাণ্ট কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতো বাইক ষ্টাণ্টকাৰীৰ বিৰুদ্ধে আজি পর্যন্ত মহানগৰ যান–বাহন আৰক্ষীয়ে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কিছুদিন পূর্বে মহানগৰ আৰক্ষীয়ে গান্ধী মণ্ডপলৈ যোৱা পথত নিশা বাইক ষ্টাণ্ট কৰা যুৱক–যুৱতীৰ এটা দলক আটক কৰিছিল৷ কিন্তু বাইক ষ্টাণ্টকাৰী এই যুৱক–যুৱতীৰ দলটোৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্রহণ নকৰিলে মহানগৰ আৰক্ষীয়ে৷ যাৰ ফলত এতিয়া একাংশ যুৱক–যুৱতীয়ে মহানগৰীৰ ৰাজপথত বাইক ষ্টাণ্ট কৰি পথচাৰীৰ লগতে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ বাইক ষ্টাণ্ট কৰি গুৱাহাটী মহানগৰীত বহু যুৱকে অকালতে প্রাণ হেৰুওৱাৰ লগতে আহত হৈ চিৰজীৱনলৈ ঘুণীয়া হৈছে বহুজন৷ লক্ষণীয় যে পথ দুর্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীত তিনি বছৰত পাঁচটাতকৈ অধিক দুর্ঘটনা সংঘটিত হোৱা স্থানক ব্লেক স্পট হিচাপে চিনাক্ত কৰিছিল৷ পৰিবহণ বিভাগে মহানগৰীৰ ৩৩টা স্থানক ব্লেক স্পট হিচাপে চিনাক্ত কৰিছিল৷ মহানগৰীৰ ব্লেক স্পট জ’নতো এতিয়া উদণ্ড বাইকার্ছে ষ্টাণ্ট কৰা পৰিলক্ষিত হৈছে৷ এই ৩৩টা ব্লেক স্পটত ২০২১ বর্ষৰ পৰা ২০২৩ বর্ষৰ জুলাই মাহলৈ সর্বমুঠ ৬৯৩টা পথ দুর্ঘটনা সংঘটিত হৈছিল৷ এই পথ দুর্ঘটনাত সর্বমুঠ ২৮০জন লোকৰ মৃত্যু হৈছে৷ মহানগৰ যান–বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ নির্বিকাৰ ভূমিকাৰ বাবে এতিয়া পুৱা আৰু নিশা মহানগৰীৰ সদাব্যস্ত এই পথকেইটাৰ লগতে অন্যান্য স্থানতো উদণ্ড বাইকার্ছে ষ্টাণ্ট কৰি আহিছে৷

You might also like