নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গ গোচৰৰ ৩০ মার্চত শুনানিৰ দিন ধার্য আদালতৰ

প্রাণৰ শিল্পী জুবিন গার্গ হত্যাকাণ্ডৰ অভিযুক্তৰ চার্জফ্রেমৰ শুনানি আজিৰে পৰা পুনৰ আৰম্ভ হৈছে কামৰূপ মহানগৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালতত৷

উল্লেখ্য যে আজি চৰকাৰী অধিবক্তাৰ দলৰ তৰফৰ পৰা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চার্জ শুনানি সম্পন্ন হয়৷ হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তায়ো আজি আদালতত বিভিন্ন যুক্তি দর্শায় যদিও আধৰুৱাকৈহে যুক্তি প্রদর্শন কৰে৷

উল্লেখ্য যে হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যই গোচৰটোৰ পৰা ৰেহাইৰ দাবীৰে কৰা আবেদন সন্দর্ভতো চৰকাৰী লোক অধিবক্তাই বিৰোধিতাৰে যুক্তি দর্শায়৷

আজি আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চৰকাৰী অধিবক্তাই চার্জ ফ্রেমিঙৰ সকলো পদক্ষেপ সম্পূর্ণ কৰে৷ অহা ৩০ মার্চত আদালতে পুনৰ শুনানিৰ দিন ধার্য কৰিছে৷

উক্ত দিনাই আদালতে অভিযুক্তসকলৰ অধিবক্তাৰ শুনানি গ্রহণ কৰিব৷ উল্লেখ্য যে আজিও সাত অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শর্মা, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ভার্চুৱেলী আদালতত হাজিৰ কৰা হয়৷

পূর্বৰ দৰেই আজিও আদালত চৌহদত উপস্থিত হৈ শুনানিত অংশ লয় শিল্পী পত্নী গৰিমা শইকীয়া গার্গে৷ প্রাণৰ শিল্পীগৰাকীৰ ন্যায়প্রাপ্তিৰ বাবে চৰকাৰী লোক অধিবক্তাৰ দলে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয় গৰিমা শইকীয়া গার্গে৷

ডিজিটেল ডেস্ক, ২০ মার্চ

You might also like