আজিৰ দিনটোৰ ৰাশিফল
আজি ২১ মার্চ, চ’ত মাহৰ ৬ তাৰিখ
শনিবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : এই ৰাশিৰ জাতক–জাতিকাই বগা কাপোৰ পৰিধান কৰিব৷ বিদ্যার্থীসকলৰ বাবেও ভাল দিনটো৷ ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ শুভ সংখ্যা ২৷
বৃষ : কর্মক্ষেত্রত শত্রুই প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ ভ্রমণৰ যোগ৷ শুভ ৰং নীলা, সংখ্যা ৮৷
মিথুন : দাম্পত্য জীৱনত শান্তি বিঘ্ণিত হ’ব পাৰে৷ দৈনন্দিন কর্মৰ গতি বৃদ্ধি পাব৷ টকা–পইচা ক্ষেত্রত সাৱধান হ’ব৷ চৰকাৰী চাকৰি ক্ষেত্রত ভাল৷
কর্কট : বিদ্যার্থীসকলৰ শুভ৷ ব্যৱসায় ক্ষেত্রত বৰ ভাল দেখা নাযায়৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ বন্ধুবর্গৰ পৰা আঁতৰি থকাই ভাল৷
সিংহ : আজি সন্ধিয়া গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব আৰু ধূপ–ধূনা, চাকি–বন্তি জ্বলাব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব৷
কন্যা : গা–ধুৱাৰ পিছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং শ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্র ২০ বাৰ জপ কৰিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷
তুলা : সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব৷ ব্যৱসায়সূত্রত আর্থিক উন্নতিৰ যোগ দেখা যায়৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷
বৃশ্চিক : কর্মক্ষেত্রত ভাল৷ ফুৰা–চকাৰ ক্ষেত্রত সাৱধান৷ প্রেমত শুভ৷ শাৰীৰিক ক্ষেত্রত উন্নত৷ ঘৰত আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, সংখ্যা ১৷
ধনু : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ ভ্রমণ যোগ৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ প্রেমত শুভ৷
মকৰ : চাকৰি ক্ষেত্রত জটিলতাই দেখা দিব৷ হঠাৎ আঘাত পাব পাৰে৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ প্রেমত শুভ৷ শুভ ৰং বগা, সংখ্যা ৮৷
কুম্ভ : বিদ্যার্থীৰ শুভ৷ ৰাজনীতিৰ ক্ষেত্রত দিনটো শুভ৷ যান–বাহনৰ পৰা সাৱধান৷ ভিক্ষাৰীক দান কৰিব৷ কর্মক্ষেত্রত জটিলতা দেখা দিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷
মীন : সংসাৰৰ প্রতি চকু ৰাখক৷ ঘৰৰ কোনো ব্যক্তি আঘাতপ্রাপ্ত হ’ব পাৰে৷ চাকৰি ক্ষেত্রত উন্নত৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ প্রেমত অশুভ৷ শুভ ৰং সোণালী, সংখ্যা ৬৷