নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ এপ্ৰিলঃ গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পদক্ষেপ গ্রহণ কৰিছে পৌৰ নিগমে৷ মহানগৰীৰ ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠান, চৰকাৰী বিদ্যালয়কে ধৰি ৰাজহুৱা অনুষ্ঠানসমূহত বিনামূলীয়া পানীৰ সংযোগ প্রদান কৰা হ’ব৷ উজানবজাৰৰ পৌৰ নিগমৰ মুখ্য কার্যালয়ত অনুষ্ঠিত সংবাদ মেলত এই কথা ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াই৷ পৌৰ নিগমে মহানগৰীৰ ৬০টা ৱার্ডত ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠানক্ ধৰি ৰাজহুৱা অনুষ্ঠানত গুৱাহাটী জলব’র্ডে প্রদান কৰা পানীৰ সংযোগ বিনামূলীয়াকৈ প্রদান কৰিব৷ গুৱাহাটী জলব’ৰ্ডৰ আঁচনিয়ে সাঙুৰি লোৱা অঞ্চলসমূহত প্রথম পর্যায়ত এই সংযোগ প্রদান কৰা হ’ব৷ ৰাইজৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে এই আঁচনি গ্রহণ কৰিছে৷ ইয়াৰ উপৰি বৰষুণৰ পানী সংৰক্ষণৰ বাবে আঁচনি গ্রহণ কৰিছে পৌৰ নিগমে৷ এই আঁচনিৰ অধীনত মহানগৰীৰ বিভিন্ন স্থানত শুকাই যোৱা কুঁৱাসমূহত পৌৰ নিগমে সংৰক্ষণ কৰা বৰষুণৰ পানী ভৰাই দিয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ বছৰৰ পিছত বছৰ ধৰি গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰাৰ বাবেই পৌৰ নিগমে এইসমূহ পদক্ষেপ গ্রহণ কৰাৰ কথা সংবাদ মেলত সদৰী কৰে মেয়ৰ শৰণীয়াই৷ সংবাদ মেলত তেওঁ গুৱাহাটী মহানগৰীৰ ৬০টা ৱার্ডত বাস কৰা লোকসকলক হল্ডিং নম্বৰ প্রদান কৰা হ’ব বুলি সদৰী কৰে৷ ইতিমধ্যে জি’ভিষ্টা টেকন’লজী প্রাইভেট লিমিটেডে এই সন্দর্ভত জৰীপ সম্পূর্ণ কৰিছে৷ মহানগৰীৰ প্রায় ৩ লাখ লোকক হল্ডিং নম্বৰ প্রদান কৰা হ’ব৷ সংবাদ মেলত মহানগৰীৰ ব্যৱসায়ীসকলক আয় অনুসৰি ট্রেড লাইচেন্স প্রদানৰ ক্ষেত্রতো পৌৰ নিগমে ব্যৱস্থা গ্রহণ কৰা বুলি মেয়ৰ শৰণীয়াই সদৰী কৰে৷ গুৱাহাটী মহানগৰীক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ স্বচ্ছ পদূলি অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ জৰিয়তে মহানগৰীখন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্রত পৌৰ নিগম সফল হৈছে বুলি তেওঁ সংবাদ মেলত উল্লেখ কৰে৷ গুৱাহাটী মহানগৰীত বাস কৰা লোকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ দূৰ কৰাৰ বাবে পৌৰ নিগমে লোৱা আঁচনিসমূহ সফল ৰূপত কার্যকৰী কৰাৰ বাবে বদ্ধ পৰিকৰ বুলি মেয়ৰ শৰণীয়াই স্পষ্ট কৰি দিয়ে৷