প্রাইড ইষ্টৰ ডিজিটেল মার্কেটিং প্লেটফর্ম RAMDHENU MUSICS মুকলি
অসমীয়া সংগীতক ডিজিটেল মার্কেটিঙৰ জৰিয়তে বিশ্বৰ বুকুত বিয়পাই দিয়াৰ লগতে প্রচাৰবিমুখ ন–পুৰণি শিল্পীসকলক বিশেষ মঞ্চ প্রদানৰ লক্ষ্যৰে আগবাঢ়ি আহিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড৷
যি সময়ত ন–পুৰণি শিল্পীসকলৰ সৃষ্টিশীল সংগীত প্রয়োজনীয় মঞ্চৰ অভাৱত পিছপৰি ৰৈছে, সেই সময়তে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে মুম্বাইৰ আৰডিচি মিডিয়াৰ সহযোগত এই সংগীতসমূহ বিশ্বৰ বজাৰত তুলি ধৰিবলৈ মুকলি কৰিছে ‘ৰামধেনু মিউজিকছ’ নামৰ এক ডিজিটেল মার্কেটিং প্লেটফর্ম৷
গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বহুতো ন–পুৰণি শিল্পীৰ উপস্থিতিত এই ডিজিটেল মার্কেটিং প্লেটফর্ম আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয় যে অসমীয়া সংগীতক এক বিশেষ মঞ্চ দিয়াৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে জন্মলগ্ণৰে পৰা প্রচেষ্টা অব্যাহত ৰাখিছে৷
বিশেষকৈ ৰামধেনু চেনেলৰ জৰিয়তে অসমীয়া সংগীত আৰু শিল্পীসকলৰ সৃষ্টিশীল প্রতিভা দর্শক–শ্রোতাৰ আগত তুলি ধৰাৰ বাবে কাম কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে আজি শিল্পীসকলৰ সৃষ্টিশীল সংগীত বিশ্বৰ বজাৰত তুলি ধৰিবলৈ মুকলি কৰা হৈছে অসমৰ সর্ববৃহৎ ডিজিটেল মিউজিক মার্কেটিং প্লেটফর্ম ৰামধেনু মিউজিকছ৷ নিশ্চিতভাৱে এই মার্কেটিং প্লেটফর্মৰ জৰিয়তে শিল্পীসকলক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়াৰ লগতে শিল্পীসকলৰ সৃষ্টিশীল সংগীতৰ মূল্যাংকন কৰা হ’ব৷
ইয়াৰ পৰা শিল্পীসকলে বিশেষভাৱে উপকৃত হোৱাৰ লগতে এক আকর্ষণীয় উপার্জন কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত ‘নিউজ লাইভ’ চেনেলৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন, ‘ৰামধেনু’ চেনেলৰ প্রগ্রেম হেড পৰীক্ষিত কলিতা, ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, আৰডিচি মিডিয়াৰ কেইবাগৰাকী বিষয়ববীয়াৰ লগতে ডিজিটেল মার্কেটিং এক্সপার্ট দুর্গাৰাম চৌধুৰী, আকাশ ডাংগোড্রা, অমিত ৰাইনাৰ উপৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ কেইবাগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷
তদুপৰি এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী অণিমা চৌধুৰী, মনীষা হাজৰিকা, জয় বৰুৱা, দীপলিনা ডেকা, বুলবুল হুছেইনসহ উত্তৰ–পূর্বাঞ্চলৰ শতাধিক ন–পুৰণি শিল্পী উপস্থিত থাকি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ এই প্রচেষ্টাৰ শলাগ লৈ ৰামধেনু মিউজিকছৰ জৰিয়তে শিল্পীসকল বিশেষভাৱে উপকৃত হ’ব বুলি মতামত ব্যক্ত কৰে৷
উল্লেখ্য যে এই প্লেটফর্মত নিজৰ সংগীত আপলোড কৰিবৰ বাবে ইচ্ছুক শিল্পীসকলে ‘নিউজ লাইভ’ৰ কার্যালয় অথবা ৰামধেনুৰ প্রগ্রেম হেড পৰীক্ষিত কলিতাৰ সৈতে ৯৯৫৪১–৫৯৬৪৭/৭০০২৬–৩৮৭৮৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
Niyomiya Barta Desk, Date of published : 30 June, 2025