নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ডিচেম্বৰ : আৰক্ষী প্রশাসনৰ চকুৰ সন্মুখতে মহানগৰীৰ পাহাৰত চলিছে বনধ্বংস৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা একাংশ লোকে মহানগৰীৰ সেউজ পাহাৰ কাটি বসতি স্থাপন কৰাৰ পিছতো আৰক্ষী প্রশাসনে এইসকল লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ একাংশই পাহাৰৰ ভূমি বেদখল কৰি ঘৰ–দুৱাৰ নির্মাণ কৰাৰ লগতে আন একাংশই পাহাৰৰ মাটি দখল কৰি অন্য লোকক বিক্রী কৰি আহিছে৷ বিশেষকৈ মহানগৰীৰ খানাপাৰা পাহাৰত শেহতীয়াকৈ চলিছে অবাধ বেদখল৷ খানাপাৰা পাহাৰত আশ্রয় লৈ একাংশই বিভিন্ন অসামাজিক কার্যত লিপ্ত হোৱাৰ লগতে আন একাংশই নিষিদ্ধ ড্রাগ্ছৰ মুকলি বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷ খানাপাৰা পাহাৰত আশ্রয় লৈ ড্রাগ্ছৰ বেহা চলোৱা এই দুষ্টচক্রৰ বিৰুদ্ধে আৰক্ষী প্রশাসনক অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ খানাপাৰা পাহাৰত আশ্রয় লৈ একাংশ লোকে পাহাৰ কাটি ঘৰ–দুৱাৰ নির্মাণ কৰাৰ লগতে পাহাৰত থকা বহু মূল্যৱান গছ–গছনি কাটি তহিলং কৰিছে৷ ইয়াৰ পিছতো বিষয়টো বন বিভাগ তথা আৰক্ষী প্রশাসনৰ দৃষ্টিগোচৰ হোৱা নাই৷ যাৰ বাবে দুষ্টচক্রই খানাপাৰা পাহাৰত এটাৰ পিছত আনটো অঞ্চল অবৈধভাৱে দখল কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে খানাপাৰা পাহাৰত চলি থকা ড্রাগ্ছৰ মুকলি বেহাৰ বিৰুদ্ধে স্থানীয় লোকে অভিযান চলোৱাৰ লগতে দিছপুৰ থানাত ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ইয়াৰ পিছতো অঞ্চলটোক দিছপুৰ আৰক্ষীয়ে ড্রাগ্ছমুক্ত কৰিব পৰা নাই৷ পাহাৰত আশ্রয় লৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত দুষ্টচক্রই সৰবৰাহ কৰি আহিছে নিষিদ্ধ ড্রাগ্ছ৷ খানাপাৰা পাহাৰত আশ্রয় লৈ ড্রাগ্ছৰ অবৈধ বেহা চলোৱা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় উন্নয়ন সমিতিয়ে আৰক্ষী প্রশাসনক দাবী জনাইছে৷ এইক্ষেত্রত মহানগৰ আৰক্ষীয়ে আগন্তুক দিনত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷