অভিলেখ গঢ়ি সৌৰ অৰবিটৰৰ সফল উৎক্ষেপণ নাছা-ইএছএৰ
সূৰ্য-মহাকাশ গৱেষণাত নতুন দিগন্তৰ সূচনা
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ সূৰ্য আৰু মহাকাশ খণ্ডত নতুন দিগন্তৰ সূচনা হ’ল । মহাকাশৰ ৰহস্য উদঘাটনক লৈ অহৰহ গৱেষণাত ব্যস্ত নাছাই আন এক যুগান্তকাৰী অভিযান আৰম্ভ কৰিলে । মহাকাশ খণ্ডত অন্যতম কঠিন বুলি চৰ্চিত এই অভিযানৰ অংশ হিচাপে প্ৰচণ্ড তাপমাত্ৰাক প্ৰত্যাহ্বান জনাই সূৰ্যৰ মেৰু নিৰীক্ষণৰ বাবে উৎক্ষেপণ কৰিলে সৌৰ অৰবিটৰ ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডাস্থিত এয়াৰ ষ্টেচনৰ পৰা সূর্য অধ্যয়নৰ প্রথম অভিযানৰ আৰম্ভণি ঘটাই যোৱানিশা নাছাই সফলতাৰে উৎক্ষেপণ কৰে নাছাৰ সৌৰ অৰবিটৰ৷ নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ)ই যুটীয়াভাৱে ভাৰতীয় সময়মতে যোৱানিশা এটলাছ ভি ৰকেটৰ জৰিয়তে সূর্য অভিমুখে প্রেৰণ কৰে৷ নাছাৰ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, ছলাৰ অৰবিটৰ প্রথমে সূর্যৰ ওচৰলৈ যাব আৰু পাছলৈ সূর্যৰ মেৰু প্রদক্ষিণ কৰিব৷ এই প্রক্রিয়া প্রায় দুবছৰৰ ভিতৰত আৰম্ভ হ’ব৷ মহাকাশ খণ্ডত অভিনৱ অভিযান হিচাপে চর্চিত নাছা আৰু ইএছএৰ এই অভিযানে সূর্যক লৈ চলি থকা নানা জল্পনা–কল্পনাৰ অন্ত পেলোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে সৌৰ অৰবিটৰে সূর্যক প্রদক্ষিণ কৰোঁতে শুক্রৰ ওচৰেৰে আহ–যাহ কৰিব৷ এখন বৃহৎ ভানৰ সমান আকাৰৰ ছলাৰ অৰবিটৰৰ ১০টা যন্ত্রসমৃদ্ধ গৃহ আছে৷ এই যন্ত্রই সূর্যৰ চুম্বকীয় ক্ষেত্র, বায়ুমণ্ডল, ৰশ্মি আৰু অনেক উপাদানৰ তথ্য সংগ্রহ কৰিব৷ এই তথ্য পৃথিৱীলৈ প্রেৰণ কৰিব৷ সৌৰ অৰবিটৰ টাইটেনিয়াম ঢ়ালৰ দ্বাৰা সুৰক্ষিত কৰি ৰখা হৈছে৷ বিশেষ ধাতুৰ দ্বাৰা নির্মিত আৰু টাইটেনিয়াম ঢ়ালক ছলাৰ ব্লেক বুলি কোৱা হয়৷ এই ঢ়ালে ৬০০ ডিগ্রী চেণ্টিগ্রেডলৈ (১১শ ডিগ্রী ফাৰেনহাইট) নগলাকৈ থাকিব পাৰিব৷ উল্লেখ্য যে সৌৰ অৰবিটৰৰ জৰিয়তে সূর্যৰ মেৰু নিৰীক্ষণৰ জৰিয়তে নাছাৰ সৌৰবিজ্ঞান অধিক শক্তিশালী হ’ব আৰু ভৱিষ্যতে চন্দ্রলৈ মানৱ পঠিওৱাত অধিক নিৰাপদ হ’ব ৷