আহমেদাবাদৰ পৰা সবৰমতীলৈ বিশাল ৰোড শ্ব’ত অংশ ল’ব মার্কিন ৰাষ্ট্রপতি ট্রাম্পয়ে
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ভাৰত ভ্রমণৰ প্রতি যিমান আগ্রহী হৈ আছে, সিমানেই স্মৰণীয় আদৰণি জনাবলৈ উৎসুক হৈ আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ অহা ২৪ ফেব্রুৱাৰীৰ পৰা দুদিনীয়া ভ্রমণসূচীৰে ভাৰত ভ্রমণলৈ সপত্নীক মার্কিন ৰাষ্ট্রপতি ট্রাম্প অহাৰ আনুষ্ঠানিক ঘোষণা কৰাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে মার্কিন ৰাষ্ট্রপতিগৰাকীক আদৰণি জনাবলৈ উচ্ছ্বসিত হৈ আছে বুলি টুইটযোগে প্রকাশ কৰিছে৷
দেশখনৰ বিশিষ্ট অতিথিগৰাকীক স্মৰণীয় আদৰণি ভাৰতে জনাব বুলি টুইটযোগে প্রধানমন্ত্রী মোদীয়ে প্রকাশ কৰি কয় যে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ ভ্রমণ বিশেষ হ’ব৷ ভাৰত–আমেৰিকাৰ বন্ধুত্বক শক্তিশালীকৰণেৰে দূৰলৈ আগবাঢ়ি যাব৷ গণতন্ত্র আৰু বহুবাদৰ মিল থকা ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী বন্ধুত্বই দুই দেশৰ নাগৰিকৰ মাজতেই নহয়, সমগ্র বিশ্বৰ বাবে অতিকে গুৰুত্বপূর্ণ৷ ইপিনে ভাৰত ভ্রমণলৈ আগ্রহী হৈ থকা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কয়– তেওঁ (প্রধানমন্ত্রী নৰেন্দ্র মোদী) এগৰাকী মোৰ ভাল বন্ধু৷ তেওঁ এগৰাকী বিশিষ্ট ভদ্র লোক৷ এই ভ্রমণছোৱাৰ সময়ত দুই দেশৰ মাজত বাণিজ্য চুক্তি হোৱাৰ সম্ভাৱনা আছে৷ ২৪ ফেব্রুৱাৰীৰ পৰা ২৫ ফেব্রুৱাৰীলৈ দুদিনীয়া ভ্রমণসূচীৰে অহা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আহমেদাবাদ বিমানবন্দৰৰ পৰা সবৰমতী আশ্রমলৈ এক বিশাল ৰোড শ্ব’ত অংশ ল’ব৷
প্রধানমন্ত্রী মোদীৰ সৈতে বিশাল ৰোড শ্ব’ত অংশ লোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে সবৰমতী আশ্রম পৰিদর্শন কৰিব৷ দেশৰ স্বাধীনতা সংগ্রামৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে এই সবৰমতী আশ্রমকেই কেন্দ্রবিন্দু হিচাপে লৈছিল৷ আনপিনে মার্কিন ৰাষ্ট্রপতি ট্রাম্প আৰু প্রধানমন্ত্রী মোদীয়ে নৱনির্মিত চর্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম উদ্বোধন কৰিব৷ মতেৰা অঞ্চলত নির্মিত এই ষ্টেডিয়ামতে ‘হাউডি মোদী’ৰ লেখীয়া এক কার্যসূচীত অংশ ল’ব ৰাষ্ট্রপতি ট্রাম্পে৷ এক লাখতকৈও অধিক লোক সমৱেত হ’বলগীয়া এই অনুষ্ঠানটোৰ শীর্ষক ‘কেম শ্ব’ ট্রাম্প’ (হাউডি ট্রাম্প)৷ উনুকিয়াব পৰি যে বিগত বর্ষৰ ছেপ্ঢেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রৰ হ’ষ্টন চহৰত প্রধানমন্ত্রী মোদী আৰু মার্কিন ৰাষ্ট্রপতি ট্রাম্পে একেলগে ‘হাউডি মোদী’ অনুষ্ঠানত অংশ লৈছিল৷