ইউক্ৰেইনত মিছাইল আক্ৰমণ : যুদ্ধ সমাপ্ত কৰাৰ প্ৰস্তাৱ নাকচ ৰাছিয়াৰ…
নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: সকলোফালে নতুনক আদৰাৰ প্ৰস্তুতি । কিন্তু তাৰ মাজতেই ৰাছিয়াই কিয়েভকে ধৰি ইউক্ৰেইনৰ বিভিন্ন চহৰত সৰ্ববৃহৎ মিছাইল আক্ৰমণ চলাইছে । ইউক্ৰেইনৰ এটা সামৰিক সূত্ৰই কৈছিল যে- “ৰাছিয়াৰ সামৰিক বাহিনীয়ে বুধবাৰে নিশাৰ পৰা ১০০ তকৈ অধিক ৰুছ মিছাইল নিক্ষেপ কৰিছে যাৰ বাবে কিয়েভকে ধৰি ইউক্ৰেইনৰ কেইবাখনো চহৰত বিদ্যুৎ আৰু পানী যোগান প্ৰণালী ব্যাহত হৈছে । ৰাছিয়া বাহিনীয়ে ইউক্ৰেইনৰ দক্ষিণ-পূব চহৰ জাপোৰিজিয়া আৰু দক্ষিণ খেৰচন অঞ্চলত কেইবাটাও মিছাইল আক্ৰমণ চলাইছে বুলি পশ্চিমীয়া সংবাদ মাধ্যমসমূহে জানিবলৈ দিয়ে । ইউক্ৰেইনে দাবী কৰিছে যে- ৰাজধানীত নিক্ষেপ কৰা ১৬ টা মিছাইল বিমানেৰে ধ্বংস কৰা হৈছে । ৰাছিয়াৰ বৈদেশিক সচিব ছেৰ্গেই লাভৰভে বৃহস্পতিবাৰে জেলেনস্কিৰ দ্ধাৰা যুদ্ধ সমাপ্ত কৰা ১০ দফা প্ৰস্তাৱ নাকচ কৰে ।