নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ সুৰা– উচ্চ স্বৰৰ সংগীত–জলক্রীড়াঃ বনভোজথলীক লৈ তাৎক্ষণিক SOP

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: নৱবর্ষ উদ্যাপনৰ নামত যাতে গুৱাহাটী মহানগৰীত কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে জাৰি কৰিছে কেতবোৰ নির্দেশনা৷ মহানগৰ জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু ৰাইজৰ সুৰক্ষাৰ দিশৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে বনভোজথলীসমূহক লৈ এছ’পি জাৰি কৰিছে৷ যোৱা ২৬ ডিচেম্বৰত মহানগৰ জিলা প্রশাসনে জাৰি কৰা এই এছ’পি বনভোজথলী আৰু বনভোজলৈ যোৱা লোকসকলে মানি চলিব লাগিব৷ জিলা প্রশাসনৰ এছ’পি উলংঘন কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷

  • সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে কোনো ব্যক্তি বা গোটে বনভোজস্থলীত প্রৱেশ কৰিব নোৱাৰিব৷ স্থানীয় প্রশাসনিক সংস্থাসমূহে বনভোজস্থলীৰ প্রৱেশ–প্রস্থান–গোট্ সংখ্যা আদি নিৰীক্ষণ কৰিব৷
  • অজৈৱ পচনশীল সামগ্রী আৰু অন্যান্য আৱর্জনা, বিশেষকৈ থার্ম’কল আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বনভোজ গোটসমূহে নিষ্কাশন কৰিব লাগিব৷ এই নির্দেশনা উলংঘা কৰা বনভোজকাৰী দলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷
  • বনভোজথলীৰ কাষৰ জলাশয়, নিজৰা আদিৰ কাষত শৌচালয় নির্মাণ নিষিদ্ধ৷
  • বনভোজথলীৰ কাষৰ জলাশয়ত মাছধৰা, নাও চলোৱা, সাঁতোৰা বা আন কোনো ধৰণৰ জলক্রীড়া নিষিদ্ধ৷ সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি সাপেক্ষেহে জলক্রীড়াত অংশ ল’ব পাৰিব৷
  • বনভোজথলীত জুৱাকে ধৰি বে–আইনী ক্রীড়া নিষিদ্ধ৷
  • পক্ষী অভয়াৰণ্যৰ কাষত উচ্চস্ববৰৰ সংগীত আৰু বাদ্যযন্ত্র বজোৱা নিষিদ্ধ৷
  •  দীপৰ বিলৰ শান্তিৰ প্রতি ভাবুকি সৃষ্টি কৰা যিকোনো ধৰণৰ কার্যকলাপ সম্পূর্ণৰূপে নিষিদ্ধ৷
  •  পিকনিকৰ স্থানৰ ভিতৰত চিহ্ণ, পোষ্টাৰ, বিল্ডিং বা অন্যান্য সম্পত্তি ধ্বংস বা বিকৃত কৰা নিষিদ্ধ৷
  • অনুমতি অবিহনে বনভোজস্থলীত খাদ্যৰ দোকান আদি দিব নোৱাৰিব৷
  • বনভোজথলীত যিকোনো ধৰণৰ আতচবাজী ফুটোৱাত নিষিদ্ধ৷
  • প্লাষ্টিকৰ ছাঁৰ টেণ্টৰ দৰে অস্থায়ী গাঁথনি নির্মাণ নিষিদ্ধ৷
  • বনভোজথলীত সুৰাপান কঠোৰভাৱে নিষিদ্ধ৷
  • বনভোজথলীত বিদ্যুৎ ব্যৱহাৰ নিষিদ্ধ৷
  •  বনভোজথলীৰ ভিতৰত ধর্ম বা ৰাজনৈতিক দলৰ সৈতে কোনো কার্যকলাপ কৰিব নোৱাৰিব৷
  • বনভোজথলীৰ সৈতে সম্পর্কিত অনুমতি আৰক্ষী আয়ুক্ত অথবা মহানগৰ জিলা প্রশাসনৰ পৰা ল’ব লাগিব৷
You might also like