ইটালীত মৃতকৰ সংখ্যা হাজাৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ চীনৰ পাছত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে ইটালীত ৷ এদিনতে ১৯৬জনে প্রাণ হেৰুৱাই মৃতকৰ সংখ্যা বৃহস্পতিবাৰে ৮২৭ লৈ বৃদ্ধি পোৱাৰ পাছত বিগত ২৪ ঘণ্টাত পুনৰ ১৭৩জন লোকৰ মৃত্যু হোৱাত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা এহাজাৰজনলৈ বৃদ্ধি পাইছে ৷ ইপিনে, ঘাতক ক’ভিড–১৯ক মহামাৰী ৰূপে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰাৰ পাছতো বিশ্বৰ নতুন নতুন দেশলৈ সম্প্রসাৰিত হৈ আছে ক’ৰোনা ভাইৰাছ ৷ অতি কমেও ১১৪খন দেশত এই ভাইৰাছৰ সংক্রমণ নিশ্চিত হোৱাৰ লগতে আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ হাজাৰজনলৈ বৃদ্ধি পাইছে ৷ আক্রান্তৰ সংখ্যা ১,৩০,০০০ৰ সীমা স্পর্শ কৰিছে ৷