নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ ভাৰতঃ লাডাখলৈ অতিৰিক্ত এপাচে

নিয়মীয়া বাৰ্তা, ৮ জুলাই:  দেওবাৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্রী ৱাং ইৰ মাজত হোৱা টেলিফোনিক বার্তালাপাৰ পাছত প্রত্যাশিতভাৱেই গালৱান উপত্যকা আৰু হটস্প্রিং এলেকাৰ পৰা চীনৰ পিপ্লছ লিবাৰেচন আর্মীয়ে আজি সেনা প্রত্যাহাৰ কৰিলে৷ বিতর্কিত গোগ্রাৰ পৰাও চীনে কাইলৈৰ ভিতৰত সেনা প্রত্যাহাৰ সম্পূর্ণ কৰিব৷ ভাৰতীয় সেনাবাহিনীৰ সূত্রত আজি এই কথা প্রকাশ৷ পিছে বিতর্কৰ হটস্পট হিচাপে পৰিগণিত হোৱা পেংগং হ্রদৰ পৰা চীনে এতিয়াও সেনা প্রত্যাহাৰ আৰম্ভই কৰা নাই৷ সূত্র মতে, পেংগং হ্রদৰ আধিপত্য প্রত্যাহাৰ কৰিবলৈ চীন এতিয়াও সাজু হোৱা নাই৷ মন কৰিবলগীয়া যে দুয়ো দেশে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি গালৱান নদীৰ পাৰত থকা ভাৰতৰ পেড্র’লিং পইণ্ট (পিপি) ১৪, হটস্প্রিঙৰ পিপি ১৭ৰ পৰা চীনৰ পি এল এই ইতিমধ্যে পূব দিশে ২ কিলোমিটাৰ পিছুৱাই গৈছে৷ কালিৰ ভিতৰত গোগ্রাত থকা ভাৰতৰ পেড্র’লিং পিপি ১৫ৰ পৰাও পি এল এই ২ কিলোমিটাৰ পিছুৱাই যাব৷ গৃহীত সিদ্ধান্ত অনুসৰি ভাৰতেও উক্ত পেড্র’লিং পইণ্টসমূহৰ পৰা ২ কিলোমিটাৰ পশ্চিমলৈ পিছুৱাই অহাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ কোৱা হৈছে বিবদমান এলেকাৰ পৰা পূব আৰু পশ্চিম প্রান্তৰ মাজত থকা চাৰি কিলোমিটাৰ এলেকা হ’বগৈ ‘বাফাৰ জ’ন’৷ ‘বাফাৰ জ’ন’ অর্থাৎ ‘ন’ মেনছ লেণ্ড’ৰ অর্থই হৈছে উক্ত এলেকাত কোনো পক্ষই পেড্র’লিং কৰিব নোৱাৰিব৷

স্পষ্ট ভাষাত ক’বলৈ গ’লে ইমানদিন নিজৰ ভূখণ্ডত যিমান দূৰলৈকে পেড্র’লিং কৰিব পাৰিছিল তথা ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰিছিল, সেই অধিকাৰ সাময়িকভাৱে হ’লেও ভাৰতে হেৰুৱাব৷ বাস্তৱত ভাৰতৰ নিৰাপত্তা উপদেষ্টা আৰু চীনৰ বিদেশ মন্ত্রীৰ মাজত দেওবাৰে টেলিফোনত হোৱা প্রায় ২ ঘণ্টাৰ বার্তালাপত উপনীত এই সিদ্ধান্ত ভাৰতৰ বাবে নিঃসন্দেহে এক নেতিবাচক সিদ্ধান্ত বুলি নিৰাপত্তা বিশেষজ্ঞ তথা কূটনৈতিক মহলত বিবেচিত হৈছে৷ তদুপৰি পেংগং হ্রদৰ ৪নং ফিংগাৰৰ পৰা চীনে অনাগত দিনত সেনা প্রত্যাহাৰ কৰিলেও গৃহীত সিদ্ধান্ত অনুসৰি ভাৰতে বিতর্কৰ কেন্দ্রবিন্দু হৈ পৰা হ্রদটোৰ পৰা ২ কিলোমিটাৰলৈকে সেনা প্রত্যাহাৰ কৰিব লাগিব৷ সেই অনুসৰি প্রকৃতিৰ অনন্য উপহাৰস্বৰূপে পোৱা পেংগং হ্রদৰ ওপৰত ভাৰতৰ অধিকাৰ সম্পূর্ণৰূপে কর্তন হ’ব৷ পিছে ভাৰতীয় সেনাবাহিনী পেংগং হ্রদৰ অধিকাৰ কেতিয়াও হেৰুৱাব নিদিয়ে বুলি সেনাবাহিনীৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷ উল্লেখ্য যে পেংগং হ্রদৰ উত্তৰ পাৰত মুঠ ৮টা অদৃশ্য পিলাৰ আছে, যিবোৰ ফিংগাৰ নামেৰে পৰিচিত৷ বাস্তৱত যোৱা এপ্রিল মাহলৈকে ভাৰতীয় সেনাবাহিনীয়ে ৮নং ফিংগাৰলৈকে পেড্র’লিং কৰি আহিছে৷ পিছে মাত্র এমাহৰ ভিতৰত অর্থাৎ মে’ মাহত চীনৰ পি এল এই ফিংগাৰ ৪লৈকে ব্যাপক আকাৰত স্থায়ী আন্তগাঁথনি নির্মাণেৰে পেংগং হ্রদৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰে৷ যাৰ পৰিণতিত মে’ মাহত একাধিকবাৰ ভাৰতীয় আৰু চীনা সৈন্যই গোলা–বাৰুদ ব্যৱহাৰ নকৰাকৈ সন্মুখ সমৰত লিপ্ত হয়৷

ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা তথ্য অনুসৰি পেংগং হ্রদৰ ফিংগাৰ ৪ৰ পৰা ৮লৈকে পি এল এই সৰু–বৰ মুঠ ১৯০টা আন্তঃগাঁথনি নির্মাণৰ কাম সম্পন্ন কৰিছে৷ চীনে এই আন্তঃগাঁথনিসমূহ ধ্বংস কৰি তাৰ পৰা যে সহজে গুচি নাযায় সেয়া ভাৰতীয় সেনাবাহিনীয়ে ভালদৰেই উপলব্ধি কৰিব পাৰিছে৷ ইয়াৰ বিপৰীতে যোৱা ১৫ জুনৰ নিশা গালৱান নদীৰ পাৰত য’ত ভাৰতীয় সেনাবাহিনী আৰু চীনা সৈন্যই ৰক্তাক্ত সংঘর্ষত লিপ্ত হৈছিল, সেই ১৪নং পিপিত চীনা সৈন্যই নির্মাণ কৰা কেম্প আদি ইতিমধ্যে উৎখাত কৰি পি এল এই ২ কিলোমিটাৰ পিছুৱাই গৈছে আৰু সেনাবাহিনীৰ উপস্থিতিও কিছু পৰিমাণে হ্রাস কৰিছে৷ অথচ পেংগং হ্রদৰ আশে–পাশে নির্মাণ কৰা আন্তঃগাঁথনি উৎখাত কৰাটো দূৰৰে কথা, তাৰ পৰা চীনা সৈন্যৰ সংখ্যাও হ্রাস পোৱা নাই৷ লক্ষণীয়ভাৱে ১৪নং পিপিত চীনে অস্থায়ী কেম্পহে নির্মাণ কৰিছিল৷ কিন্তু পেংগঙত পি এল এই স্থায়ী আন্তঃগাঁথনিহে নির্মাণ কৰা বুলি জানিব পৰা গৈছে৷

You might also like