ক’ভিশ্বিল্ডৰ দহ লাখ ড’জ নেপাললৈ প্রেৰণ ভাৰতৰ
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ‘ভেকচিন মৈত্রী’ অভিযানৰ অংশ হিচাপে আজি ভাৰতে নেপাললৈ প্রেৰণ কৰিছে ক’ভিশ্বিল্ড ভেকচিনৰ এক নিযুত ড’জ৷ হিমালয়ান ৰাষ্ট্রখনলৈ ক’ভিশ্বিল্ড ভেকচিন প্রেৰণ কৰি ভাৰতে বিগত কেইবামাহো ধৰি চলি থকা বৈৰিতাৰ অৱসান ঘটোৱাৰ ইংগিত দিছে৷ স্মর্তব্য যে কালি ভূটানলৈ ডেৰ লাখ ড’জ আৰু মালদ্বীপলৈ এক লাখ ড’জ ভেকচিন প্রেৰণ কৰিছিল ভাৰতে৷ প্রতিৱেশী দেশসমূহৰ সৈতে ভাৰতে ভেকচিন যোগানৰ জৰিয়তে মৈত্রীৰ সম্পর্ক সুদৃঢ় কৰিব বুলি ঘোষণা কৰিছে৷
স্মর্তব্য যে বিশ্বৰ বিভিন্ন দেশলৈ ভাৰতে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রদানৰ সিদ্ধান্ত লৈছে৷ কিন্তু এইক্ষেত্রত প্রতিৱেশী দেশসমূহক প্রথম প্রাধান্য দিব বুলি ঘোষণা কৰিছে৷ আষ্ট্রা জেনেকা, অক্সফ’ড বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত ভেকচিন প্রস্তুত কৰিছে ভাৰতৰ ছেৰাম ইনষ্টিটিউটে৷ ভাৰতে ১০ দিনৰ ভিতৰত স্বাস্থ্যকর্মী তথা ক’ৰোনা যোদ্ধাসকলক ভেকচিন প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ নেপালেও প্রথমে স্বাস্থ্যকর্মীসকলক এই ভেকচিন প্রদান কৰিব৷