নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ মন্তব্যই কোনো ক্ষতি নকৰে কংগ্রেছৰ

ৰিপুণ বৰাৰ বাবে অসমতকৈ দল ঊর্ধ্বত

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কালি ধুবুৰী জিলাৰ এখন নির্বাচনী প্রচাৰ সভাত উগ্র সাম্প্রদায়িক উচটনিমূলক মন্তব্য দিয়া ঘটনাই ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে৷ আজমলৰ তেনে উগ্র সম্প্রদায়িক বক্তব্যই অসমক সামগ্রিকভাৱে ক্ষতিগ্রস্ত কৰাৰ বিষয়ে বিভিন্ন মহলে শংকা কৰিছে৷ ইয়াৰ বিপৰীতে ভোটৰ অংকৰ স্বার্থতে আজমলৰে মিত্রতাপাশত আবদ্ধ হোৱা কংগ্রেছে আজমলৰ সেই মন্তব্যৰ ক্ষেত্রতো ৰাজনৈতিক দৃষ্টিৰেহে বিশ্লেষণ কৰা দেখা গ’ল৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ভাষ্যতে ওলাই পৰিল সেই ছবিখন৷ ৰিপুণ বৰাৰ বাবে অসমতকৈ যে দলহে ঊর্ধ্বত সেই কথা তেওঁৰ মন্তব্যতে ওলাই পৰিল৷

গুৱাহাটীত সেই সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত বৰাই বিষয়টো দলীয় দৃষ্টিকোণেৰে বিশ্লেষণ কৰি কয়– ‘আজমলৰ মন্তব্যই কংগ্রেছৰ কোনো ক্ষতি নকৰে৷’ বিষয়টো আলোচনা কৰিব বুলি জানিবলৈ দি বৰাই পুনৰ কয়– ‘আজমলে কি কৈছে, মই ভালকৈ শুনা নাই৷ বিষয়টো চালি–জাৰি চাম৷ মই খবৰ পাইছোঁ৷ তাৰ পাছত তেওঁলোকৰ লগত কথা পাতিম৷ কাৰো আৱেগ–নুভূতিত আঘাত হানিব পৰা কোনো মন্তব্য কোনেও যাতে নিদিয়ে, সেই বিষয়ত আমি আলোচনা কৰিম৷’ সেইদৰে অগপৰ সভাপতি অতুল বৰাই মহাজোঁট গঠনৰ পাছতেই আজমলক ঢুলীয়া, ৰিপুণ বৰাক তালীয়া বুলি কৰা কটাক্ষ সম্পর্কত সভাপতি বৰাই কয় যে অতুল বৰাৰ চার্টিফিকেট তেওঁক নালাগে৷ অতুল বৰাৰ দলৰ মানুহবোৰ ওলাই গৈ গৈ দলটো শেষ হ’বৰ হৈছে৷ কিন্তু তেওঁ হৈছে ১৩৬ বছৰীয়া কংগ্রেছ দলৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি৷ সেয়ে তেওঁক অতুল বৰাৰ চার্টিফিকেট নালাগে৷ তেওঁ আৰু কয় যে কংগ্রেছো জাতীয়তাবাদী৷ কংগ্রেছ কম গুণে জাতীয়তাবাদী নহয়৷ কংগ্রেছক ৰাষ্ট্রীয়বাদ, জাতীয়তাবাদ দুয়োটাই লাগে৷

ইপিনে প্রধানমন্ত্রীৰ অসম আগমন উপলক্ষে সভাপতি বৰাই  ৰাজীব ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক ২৪টা প্রশ্ণ উত্থাপন কৰি শিৱসাগৰৰ জেৰেঙা পথাৰত দিবলগীয়া ভাষণত তাৰ উত্তৰ দিয়াৰ আহ্বান জনায়৷ সেই প্রশ্ণসমূহ হৈছে– উত্তৰ–পূব ঔদ্যোগিক বিনিয়োগ উদগনি নীতি প্রত্যাহাৰ কৰি ৰাজ্যখনক ঔদ্যোগিক ক্ষেত্রত আগবাঢ়ি যোৱাত বাধা দিলে, ১৯৬৯ চনৰ পৰা অসমে কেন্দ্রৰ পৰা পাই থকা ৯০ঃ১০ অনুপাতৰ পুঁজি যোগান প্রত্যাহাৰ কৰাৰ লগতে বিশেষ ৰাজ্যৰ মর্যাদা প্রত্যাহাৰ কৰাত ৰাজ্যখনে বছৰি গড়ে ৭ হাজাৰ কোটিৰ পৰা ৯ হাজাৰ কোটি টকা কেন্দ্রৰ পৰা লাভত বঞ্চিত হ’ল, ২০১৪ চনৰ ১৬ মে’ৰ পাছত এতিয়ালৈ কিমানগৰাকী অবৈধ বিদেশী চিনাক্ত কৰি খেদিলে, প্রথমতে ১০০ দিন–পাছত ছমাহ–পৰৱর্তী পর্যায়ত এবছৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দিয়া প্রতিশ্রুতি কেতিয়া ৰূপায়ণ কৰিব, ধেমাজি–লখিমপুৰ–ওদ্ আদি অনুন্নত জিলাৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ অনুন্নত অঞ্চল উন্নয়ন আঁচনিৰ পুঁজি কিয় বন্ধ কৰি দিলে, গুৱাহাটী মহানগৰীৰ স্মার্ট চিটী কি হ’ল, উত্তৰ–পূবক জৈৱিক ৰাজ্য হিচাপে গঢ়াৰ প্রতিশ্রুতি কি হ’ল, ২৭খন তৈলক্ষেত্রৰ লগতে গোপীনাথ বৰদলৈ বিমানকোঠ আৰু গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচন ব্যক্তিগত খণ্ডত পুঁজিপতিক গতোৱা হ’ল, ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্রী সোণোৱালৰ উপস্থিতিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে ১ লাখ কোটি টকা বিনিয়োগ কৰি ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ লগতে ব্রহ্মপুত্র খননৰ ঘোষণা কি হ’ল, সেই বিষয়ে প্রধানমন্ত্রীক ভাষণত উত্তৰ দিয়াৰ অনুৰোধ জনায়৷ সেইদৰে ব্রহ্মপুত্র–মাজুলী সংযোগী দলং কেতিয়াকৈ হ’ব, নগাঁও–কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষম কৰাৰ পৰিৱর্তে চিৰদিনৰ বাবে বন্ধ কৰি কল দুটাৰ সম্পত্তিসমূহ ব্যক্তিগত কোম্পানীক গতোৱাৰ প্রক্রিয়া কিয় কৰিলে, বান সমস্যা সম্পর্কত ২০১৭ চনৰ ১ আগষ্টত অসমলৈ আহি মোদীয়ে বানৰ ক্ষয়–ক্ষতিৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ বাবে ২,৩৫০ কোটি টকা, অসমৰ বাবে তৎকালে ২৫০ কোটি টকা, ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধৰ বাবে ৪০০ কোটি টকা আৰু ব্রহ্মপুত্র অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকাৰ ঘোষণা কৰিলে যদিও আজিলৈ তাৰে এটকাও কিয় নাপালে, বৃহৎ নদীবান্ধক লৈ বিজেপিয়ে কিয় দুমুখীয়া স্থিতি ল’লে, ‘কা’ জাপি দি অসম চুক্তি ৰূপায়ণৰ পৰিৱর্তে কিয় নস্যাৎ কৰিলে, ‘কা’ ৰূপায়ণত বাধা হ’বৰ বাবেই এন আৰ চিখন ভেঁকো–ভাওনাত পৰিণত কৰিলে নেকি, দিহিং–পাটকাইত কয়লাৰ মুক্ত খনন আৰু ডিব্রু–ছৈখোৱাত হাইড্র’কার্বন খননৰ অনুমতি দি জৈৱ–বৈচিত্র্যৰ পথ মুকলি নকৰিলেনে আদি প্রশ্ণৰো উত্তৰ দিবলৈ প্রধানমন্ত্রীক আহ্বান জনায়৷ বৰাই আৰু কয় যে জি এছ টিৰ বাবদ অসমে পাবলগীয়া ১৭,০০০–২০,০০০ কোটি টকা কেন্দ্রই মোকলাই দিয়া নাই৷ কেন্দ্রৰ এনে শোষণ–লুণ্ঠনৰ বাবেই অসমে ৭৯,১২০ কোটি টকাৰ ঋণ ল’ব লগা হৈছে৷ যাৰ বাবে আজি জন্মলাভ কৰা নৱজাতক এটিৰ মূৰতো ৩৫,৬৯০ টকাৰ ঋণৰ বোজা আহি পৰে৷ কংগ্রেছে যোৱা ১৫ বছৰত ৩৫,৬৯০ কোটি টকাৰ ঋণ লৈছিল৷ কিন্তু বর্তমানৰ বিজেপি চৰকাৰখনে ৫ বছৰতে ৪৩,৪৩২ কোটি টকাৰ ঋণ ল’বলগীয়া হৈছে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি নিবনুৱাক সংস্থাপন দিয়াটো বিজেপি চৰকাৰ ব্যর্থ হোৱাৰ অভিযোগ কৰি বৰাই প্রধানমন্ত্রী মোদীক ব্যক্তিগত আক্রমণ কৰি কয় যে মোদী পিতৃ নহয় বাবেই সেইসকল নিবনুৱা যুৱক–যুৱতী আৰু অভিভাৱকৰ বুকুৰ বেদনা অনুভৱ কৰিব পৰা নাই৷ নিজ সন্তানৰ সংস্থাপনৰ অভাৱত গধূলি অভিভাৱকে চকুলো টুকিবলগীয়া হৈছে৷ সংস্থাপানৰ অভাৱৰ বাবেই সময়ত ল’ৰা–ছোৱালীৰো বিয়া পাতিব পৰা নাই৷

You might also like