নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্ৰতিষেধক উদ্ভাৱনত সময় লাগিবঃ টেড্ৰ’ছ আধান’ম

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে এই ভাইৰাছবিধৰ টিকা উদ্ভাৱনৰ বাবে এবছৰৰ পৰা ডেৰ বছৰ সময় লাগিব ।

‘হু’ ৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধান’ম ঘেব্ৰিয়েছাছে উল্লেখ কৰিছে যে জি-২০ গোষ্ঠীৰ ৰাষ্ট্ৰসমূহে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে এই ভাইৰাছবিধৰ টিকাৰ বাবেই মানুহৰ শৰীৰত প্ৰথম পৰীক্ষা চলাব নৰৱে আৰু স্পেইনে । চাৰিবিধ বিভিন্ন দৰবৰ সংমিশ্ৰণ ঘটাই ক’ভিড-১৯ ৰ মোকাবিলা কৰাৰ বাবে ইউৰোপীয় দেশ দুখনে সিদ্ধান্ত লৈছে ।

You might also like