ক’ৰোনাৰ বিভীষিকাত তিনি শতাধিকৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ চীনে যুদ্ধকালীন ব্যৱস্থা গ্রহণ কৰিছে যদিও এই বাতৰি যুগুতোৱালৈকে দেশখনত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৩০৪ গৰাকীলৈ বৃদ্ধি পাইছে৷ বিশ্বৰ বিভিন্ন দেশলৈ চীনৰ এই ভাইৰাছৰ সংক্রমণৰ বিস্তাৰ ঘটিছে৷
লক্ষণীয়ভাৱে চীনৰ এই ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত ৱুহান চহৰৰ সৈতে যাতায়াত বন্ধ হৈ পৰিছে৷ অকল সেয়াই নহয়, বিশ্বৰ প্রায় ৩০ খন দেশলৈ এই ভাইৰাছবিধৰ সংক্রমণ ঘটাৰ লগে লগে বিভিন্ন দেশে চীনলৈ তথা চীনৰ পৰা বিমান চলাচল নিষিদ্ধ কৰিছে৷ ব্রিটেইন, ৰাছিয়া, ছুইডেনকে ধৰি কেইবাখনো দেশে শেহতীয়াকৈ ক’ৰোনা ভাইৰাছত বহু লোক আক্রান্ত হোৱা বুলি তথ্য সদৰী কৰিছে৷
লক্ষণীয়ভাৱে বেইজিং প্রশাসনে এই ভাইৰাছবিধৰ দ্বাৰা ১৪ সহস্রাধিক লোক সংক্রমিত হোৱা বুলি সদৰী কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে চিকিৎসা জৰুৰী অৱস্থা ঘোষণা কৰি সকলো দেশকে ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ স্মর্তব্য যে হংকঙত চীনৰ মূল ভূ–খণ্ডৰ সৈতে সীমান্ত পথ বন্ধ কৰি দিয়াৰ দাবীত দেওবাৰে কেইবাহাজাৰো কর্মচাৰীয়ে আৰম্ভ কৰিছে ধর্ণা৷