নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে একেলগে যুঁজি জয়ী হ’ব ভাৰত-আমেৰিকা

নিয়মীয়া বাৰ্তা , ১০ এপ্ৰিলঃ মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰোক্সিক্লোৰোকুইন আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰাত অনুমতি প্ৰদান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভূয়সী প্ৰশংসা কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে । মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ধন্যবাদসূচক টুইটক সন্মান প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় – ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আপোনাৰ সৈতে মই সম্পূৰ্ণ সহমত হৈছোঁ । এনেকুৱা কঠিন সময়ত বন্ধুক অধিক ওচৰ চপাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধুত্ব পূৰ্বতকৈ অধিক শক্তিশালী কৰিলে । ক’ভিড-১৯ ৰ বিৰুদ্ধে মানৱ জাতিৰ হকে যুঁজাৰ ক্ষেত্ৰত ভাৰতে সকলো সম্ভাব্য সহায় কৰিব । আমি একেলগে যুঁজি ক’ভিড-১৯ ৰ যুঁজত জয়ী হ’ম । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাইড্ৰোক্সিক্লোৰোকুইনৰ ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটযোগে কয় – ব্যতিক্ৰমী সময়ত বন্ধুৰ মাজত সহযোগিতা অতি নিকট হোৱাৰ প্ৰয়োজন । ঔষধৰ ওপৰত লোৱা সিদ্ধান্তৰ কাৰণে ভাৰত আৰু ভাৰতৰ জনতাক ধন্যবাদ । ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আপোনাৰ শক্তিশালী নেতৃত্বই কেৱল ভাৰতকেই নহয়, এই যুঁজখনত মানৱজাতিক সহায় কৰিছে । মন কৰিবলগীয়া যে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত হাইড্ৰোক্সিক্লোৰোকুইন টেবলেট ব্যৱহাৰ কৰা হয় ।

You might also like