নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ প্ৰতিখন দেশৰ শেহতীয়া তথ্য কি ?

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক’ৰোনা ভাইৰাছক লৈ সৰ্বত্ৰ আতংক । চীনৰ য়ুহান প্ৰদেশৰ পৰা বিশ্বতে বিয়পি পৰা ক’ৰোনাৰ আতংকই এতিয়া চুই গৈছে ভাৰতকো । ভাৰতত বৰ্তমানলৈকে ৪৫ জনকৈ লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত ।

চীন, দক্ষিণ কোৰিয়া, ইটালী আৰু ইৰানত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত । সমগ্ৰ বিশ্বত বৰ্তমানলৈকে তিনি সহস্ৰাধিকৰো অধিক লোকৰ মৃত্যু হৈছে ক’ৰোনাত । ইৰানৰ জন হপকিন্স বিশ্ববিদ্যালয়ৰ ক’ৰোনা ভাইৰাছ ৰিচাৰ্ছ চেণ্টাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ইৰানত ৬ হাজাৰ মানুহ আক্ৰান্ত হৈছে ক’ৰোনাত । মুঠ জনসংখ্যাৰ প্ৰতি ১২ হাজাৰ জনৰ ভিতৰত এজন লোক আক্ৰান্ত হৈছে ক’ৰোনাত ।

চীনত আক্ৰান্ত ৯০,০০০ , দক্ষিণ কোৰিয়াত ৭,৩১৪, ইটালীত ৫,৮৮৩ আৰু ইৰানত প্ৰায় ৬,০০০ জন আক্ৰান্ত হৈছে ক’ৰোনাত । ক’ৰোনাত এতিয়া বিধ্বস্ত প্ৰায় হৈ পৰিছে ইটালী । সমগ্ৰ উত্তৰ ইটালী এতিয়া পৰিণত হৈছে আইচুলেচনত । ইটালীত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৩৬৬ জন ।

ইফালে, চীনত প্ৰতিদিনৰ গড় মৃত্যুৰ হাৰ হ্ৰাস পাইছে । প্ৰতিদিনে মৃত্যুৰ হাৰ ৫০ জন থকাৰ বিপৰীতে এই মুহূৰ্তত মৃত্যুৰ গড় হাৰ প্ৰতিদিনে ২৪-২৫ জন ।

You might also like