গালৱানৰ সংঘর্যত নিহত ১০০ৰো বেছি চীনা সৈন্য
নিয়মীয়া বাৰ্তা, ৮ জুলাই: ১৫ জুনত গালৱান নদীৰ পাৰত হোৱা সংঘর্ষত ভাৰতীয় সেনাবাহিনীৰ এজন কর্নেলকে ধৰি মুঠ ২০জন শ্বহীদ হোৱা বুলি ভাৰতে ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰিছে যদিও সিদিনাৰ সংঘর্ষত প্রকৃততে চীনৰ কিমান সৈন্যৰ মৃত্যু ঘটিছিল তাক লৈ এতিয়াও ৰহস্য ঘনীভূত হৈ আছে৷ চীনৰ পৰা চৰকাৰীভাৱে এতিয়ালৈকে এই কথা প্রকাশ কৰা হোৱা নাই যদিও ইয়াৰ মাজতেই পি এল এৰ এজন প্রাক্তন শীর্ষ পর্যায়ৰ সেনা বিষয়াই দাবী কৰিছে যে ১৫ জুনৰ সংঘর্ষত পিপলছ লিবাৰেচন আর্মীৰ কমেও ১০০জন জোৱান নিহত হৈছিল৷
চাইনীজ কমিউনিষ্ট পার্টী (চিপিচি)ৰ প্রাক্তন নেতাৰ পুত্র তথা প্রাক্তন চীনা সেনা বিষয়া জিনালি ইয়াঙে আমেৰিকাৰ এক সংবাদ মাধ্যমৰ আগত এই চাঞ্চল্যকৰ তথ্য সদৰী কৰে৷ কোৱা হৈছে চিপিচিৰ অন্দৰ মহলত তথা আনকি চীন দেশত ৰাষ্ট্রপতি ঝি জিনপিঙে ক্রমাৎ জনপ্রিয়তা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ সেয়েহে আভ্যন্তৰীণ ৰাজনীতিৰ কথা ভাবি জিনপিং চৰকাৰে গালৱান সংঘর্ষত নিহত চীনা সৈন্যৰ প্রকৃত পৰিসংখ্যা দেশবাসীৰ সন্মুখত দাঙি ধৰিব বিচৰা নাই৷ তদুপৰি গালৱান সংঘর্ষত চীনৰ একাধিক সেনা নিহত হোৱাৰ বাতৰি চিপিচিৰ মুখপত্র গ্লোৱেল টাইমছত প্রকাশ পাইছে৷