গোলকীয় উষ্ণতাঃ ৯ দিনত গলিল এণ্টাৰ্কটিকাৰ ২০ শতাংশ বৰফ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মাত্ৰ ৯ দিনতেই গলিল এণ্টাৰ্কটিকাৰ ২০ শতাংশ বৰফ । এই খবৰে এতিয়া শংকিত কৰি তুলিছে সকলোকে । এণ্টাৰ্কটিকাত ৯ দিন ধৰি তাপমাত্ৰা বৃদ্ধিৰ ফলতেই এইদৰে এতিয়া বহু বৰফ গলি পানীৰ ৰূপ লৈছে । এই ঘটনাৰ পাচতেই গোলকীয় উষ্ণতাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকল । এণ্টাৰ্কটিকাৰ উত্তৰ অংশ বেছিভাগ বৰফেই এতিয়া গলি যোৱা বুলি খবৰ আহিছে ।
এণ্টাৰ্কটিকাৰ এনে কিছু অঞ্চল আছিল যিসমূহত কেতিয়াও দেখা পোৱা নগৈছিল পানী কিন্তু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত হোৱা তাপমাত্ৰাৰ ফলতে প্ৰায় ২০ শতাংশ বৰফ গলি পানী হয় । নাছাৰ আৰ্থ অৱজাৰভেটৰিয়ে জনোৱা অনুসৰি , এণ্টাৰ্কটিকাৰ ঈগল দ্বীপত ওপৰৰ চাৰি ইঞ্চি বৰফ গলি গৈছে । এই পূৰ্বে আলাস্কা আৰু গ্ৰীণলেণ্ডত দ্ৰুত বৰফ গলাৰ ঘটনা দেখা গৈছিল যদিও এণ্টাৰ্কটিকাত এয়ে প্ৰথম ।
পৰিৱেশ বিজ্ঞানী জেবিয়াৰ ফেটুইচে কোৱা অনুসৰি , বিশ্বৰ সবাতোকৈ ঠাণ্ডা এণ্টাৰ্কটিকাত বৰফৰ এই দ্ৰুত গলনৰ ঘটনা পৃথিৱীৰ বাবে ভাল লক্ষণ নহয় । ফেব্ৰুৱাৰী মাহৰ প্ৰথমৰ পৰাই অস্বাভাৱিকভাৱে এণ্টাৰ্কটিকাৰ তাপমাত্ৰা বৃদ্ধি পায় আৰু ইয়াৰ ফলতেই সমুদ্ৰৰ জলপৃষ্ঠও বৃদ্ধি পাইছিল ।