তাপ দহনৰ মোকাবিলা কৰিবলৈ ‘ক্লাউড ছীডিং’ প্রক্রিয়া চীনত
নিয়মীয়া বার্তা, ২৬ আগষ্টঃ প্রকৃতিক নিজৰ নিয়ন্ত্রণলৈ আনিবলৈ পূর্বৰে পৰা প্রচেষ্টা চলাই আহিছে চীনে৷ ১৯৬১ চনৰ পৰা চীনত অভাৱনীয়ভাৱে বৃদ্ধি পাই আহিছে উষ্ণতা৷ ভয়াৱহ তাপপ্রৱাহৰ পৰা কৃষিৰ ফচল ৰক্ষা কৰিবলৈ দেশখনে শেহতীয়াকৈ আৰম্ভ কৰিছে ‘ক্লাউড ছীডিং’ প্রক্রিয়া৷ ক্লাউড ছীডিঙৰ অর্থ হৈছে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি কৃত্রিমভাৱে বৃষ্টিপাত ঘটোৱা৷ ৰকেটৰ জৰিয়তে বায়ুমণ্ডললৈ ছিলভাৰ আয়’ডাইড প্রেৰণ কৰি কৃত্রিম বৰষুণ সৃষ্টি কৰিছে চীনে৷ সমগ্র চীন তাপপ্রৱাহৰ ফলত ফচল উৎপাদন ব্যাপক হাৰত হ্রাস পাইছে৷ সেইবাবে তাপ দহনত ক্ষতিগ্রস্ত অঞ্চলসমূহৰ বাবে এই প্রক্রিয়া আৰম্ভ কৰিছে চীনৰ বিজ্ঞানীসকলে৷ ইতিমধ্যে দক্ষিণ ছিচুৱান আৰু চংগিং প্রদেশৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিত এই প্রক্রিয়াৰে বৃষ্টিপাত ঘটাইছে চীনে৷ ইফালে খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবলৈও বিভিন্ন অঞ্চলত পানী সৃষ্টি কৰিব পৰা ৰাসায়নিক সামগ্রী ব্যৱহাৰ কৰিছে চীনৰ বিজ্ঞানীয়ে৷ দেশখনৰ বিজ্ঞানীসকলৰ এই কার্যক লৈ আন্তর্জাতিক সংবাদ মাধ্যমত সৃষ্টি হৈছে ব্যাপক চর্চা৷