তিনিটা ৰিম’ট চেঞ্জিং কৃত্রিম উপগ্রহ উৎক্ষেপণ বেইজিঙৰ
নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: চীনৰ ছিছুৱান প্রদেশৰ জিছাং কৃত্রিম উপগ্রহ উৎক্ষেপণ কেন্দ্রৰ পৰা শনিবাৰে তিনিটা নতুন ৰিম’ট চেঞ্জিং কৃত্রিম উপগ্রহ সফলতাৰে কক্ষপথত স্থাপন কৰিলে বেইজিঙে৷
ঝিনহুৱা নিউজ এজেঞ্চীৰ মতে, লংমার্ছ–২০ ৰকেট পৰিবাহীৰে এই তিনিটা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰি নির্ধাৰিত সময় মতেই কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে ৩৭ বছৰত লংমার্ছ ৰকেট পৰিবাহীয়ে ১০০ অভিযান, ৭.৫ বছৰত দ্বিতীয় ১০০ অভিযান আৰু মাত্র চাৰি বছৰতে তৃতীয় ১০০ অভিযান সফলতাৰে সম্পন্ন কৰিছে৷