নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলপিজিৰ মূল্যবৃদ্ধিক লৈ মোদী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: ৰন্ধন গেছৰ মূল্য তথা এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈ থকাক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে ঘৰুৱা আৰু বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰি থকাক লৈ চৰকাৰখনক কঠোৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে টুইটত কয়–সঠিক বিকাশৰ অনেক মাইল দূৰত আছে৷ লাখ লাখ পৰিয়ালে এলপিজি চিলিণ্ডাৰৰ পৰিৱর্তে চৌকা জ্বলাবলগীয়া হৈছে৷ মোদীজীৰ বিকাশৰ বাহন বেক গীয়েৰত আৰু ইয়াৰ ব্রেক বিকল হৈছে৷

ৰাহুল গান্ধীয়ে টুইটত গ্রামাঞ্চলৰ ৪২ শতাংশ লোকে এলপিজি চিলিণ্ডাৰৰ পৰিৱর্তে খৰি ব্যৱহাৰ কৰা চৌকাৰ আলোকচিত্র প্রচাৰ কৰি মোদী চৰকাৰক সমালোচনা কৰিছে৷

You might also like