নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত প্রদূষণে বৃদ্ধি কৰিব ক’ভিডৰ সংক্রমণ

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: দীপাৱলীৰ পিছতে দেশৰ ৰাজধানী দিল্লীৰ বায়ু ভয়াৱহ প্রদূষণৰ কবলত পৰাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে নতুন দিল্লী এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমেৰে হোৱা কথোপকথনত এইমছৰ সঞ্চালকগৰাকীয়ে কয় যে চিগাৰেট সেৱনতকৈ ভয়াৱহ দিল্লীৰ প্রদূষিত বায়ু৷ প্রদূষণৰ পর্যায় বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দিল্লীবাসীৰ আয়ুসকালো হ্রাস পাব৷ ইপিনে, প্রদূষিত বায়ুৰ বাবে ৰাজধানী দিল্লীত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাব পাৰে বুলি শংকা প্রকাশ কৰে৷

এইমছৰ মুৰব্বীগৰাকীয়ে কয় যে প্রদূষণৰ বাবে সহজতে ক’ভিডৰ সংক্রমণ বৃদ্ধি হ’ব পাৰে৷ কিয়নো প্রদূষিত বায়ুৰ লগত ক’ভিডৰ বীজাণু সহজতে আন ঠাইলৈ বিয়পিব পাৰে৷ মন কৰিবলগীয়া যে প্রদূষিত অঞ্চলত ক’ভিডৰ সংক্রমণ বৃদ্ধি পায়৷ ৰোগীৰ হূদযন্ত্রত প্রদূষিত বায়ুৱে সহজতে আক্রমণ কৰিব পাৰে৷

You might also like