নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্রাণঘাতী তাপপ্রবাহৰ বলি হ’ব ৯০ লাখ লোক

বিশেষ বাৰ্তা, ২২ এপ্রিলঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্রাণঘাতী তাপপ্রবাহ চলি আছে৷ ভাৰতত এই তাপপ্রবাহে অধিক প্রভাৱ বিস্তাৰ কৰিবলৈ লৈছে৷ অত্যধিক তাপপ্রবাহৰ বিষয়টোক লৈ আশংকাৰ বার্তা দিলে কেমব্রিজ বিশ্ববিদ্যালয়ে৷ বিশ্ববিদ্যালয়খনৰ এক সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত ভাৰতত ৩০ লাখ মানুহৰ ওপৰত তাপপ্রবাহৰ প্রভাৱ পৰিব৷ অকল সেয়াই নহয়, ভয়াৱহ তাপপ্রবাহৰ ফলত ২১০০ চনৰ ভিতৰত ভাৰতৰ ৬০ লাখ মানুহৰ জীৱন যাত্রাৰ মান অতি নিম্নগামী হ’ব৷ বিশ্ববিদ্যালয়খনৰ সমীক্ষা অনুসৰি, বর্তমান সময়ত ভাৰতৰ মুঠ ৯০ শতাংশ লোক প্রত্যক্ষ বা পৰোক্ষভাৱে তাপপ্রবাহৰ ফলত সমস্যাৰ সন্মুখীন হৈছে৷ তাপপ্রবাহৰ প্রত্যক্ষ প্রভাৱৰ ভিতৰত আছে ব্যাপক হাৰত শস্যহানি তথা প্রাণহানি৷ কেমব্রিজ বিশ্ববিদ্যালয়ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, তাপপ্রবাহৰ ফলত দেশৰ ৰাজধানী দিল্লীত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হ’ব৷ লক্ষণীয়ভাৱে সাধাৰণতে ৪০ ডিগ্রীৰ ওপৰত উষ্ণতা থাকিলে সেই অঞ্চল তাপপ্রবাহৰ কবলত পৰা বুলি বতৰ বিজ্ঞানৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ নাইবা স্বাভাৱিক তাপমাত্রাৰ তুলনাত পাঁচ ডিগ্রী অধিক উষ্ণতা হ’লে তাক তাপপ্রবাহ–কবলিত অঞ্চল বুলি আখ্যা দিয়া হৈছে৷

You might also like