নিৰীহৰ হত্যাক লৈ উত্তপ্ত আমেৰিকা
নিয়মীয়া বাৰ্তা, ২৮ মেঃ আমেৰিকাৰ মিনেছ’টাৰ মিন্নিপ’লিচ চহৰত আৰক্ষী জিম্মাত এজন নিৰস্ত্র কৃষ্ণাংগ লোক নিহত হোৱাৰ ঘটনাক কেন্দ্র কৰি চহৰখনত দুদিন ধৰি অব্যাহত আছে বিক্ষোভ সংঘর্ষ৷ কৃষ্ণাংগ লোকৰ বিক্ষোভ দমন কৰিবলৈ কালি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে৷ ইফালে, বিক্ষুব্ধ জনতাই আৰক্ষীৰ গাড়ীলৈ শিল নিক্ষেপ তথা বিভিন্ন ৰং ছটিয়াই পৰিস্থিতি জটিল কৰি তোলে৷ উল্লেখ্য যে ৪৬ বছৰীয়া জর্জ ফ্লয়ড নামৰ লোকজনে আৰক্ষীৰ জিম্মাত উশাহ লোৱাত কষ্ট পোৱা বুলি চিঞৰি থকা এক ভিডি’ ফুটেজ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এজন আৰক্ষীয়ে ডিঙিত আঘাত কৰি থকাৰ সময়তো ফ্লয়ডে চিঞৰি থকা দেখা গৈছে ভিডি’টোত৷ এই ঘটনাৰ পিছতে চাৰিগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰা বুলি ঘোষণা কৰিছে চহৰখনৰ মেয়ৰে৷ স্মর্তব্য যে ইয়াৰ পূর্বেও আমেৰিকাৰ বিভিন্ন চহৰত আৰক্ষীৰ নির্যাতনৰ বলি হৈছিল কৃষ্ণাংগ লোক৷ এই ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷