নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ১৮ মাহৰ পিছত উত্তৰ কোৰিয়াই পুনৰ পাৰমাণৱিক অস্ত্র পৰীক্ষণ কৰিলে ৷ ২০২০ বর্ষৰ প্রথমটো পাৰমাণৱিক অস্ত্র পৰীক্ষণ কৰিলে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ৷ ঘাটক ক’ৰোনা ভাইৰাছৰ প্রতি বিশ্ববাসী শংকিত হৈ থকাৰ সময়তে জাপানৰ পূব সাগৰৰ দক্ষিণ–পূব উপকূলত উত্তৰ কোৰিয়াই দুটাকৈ অচিনাক্ত প্রজেক্টটাইলৰ সফল পৰীক্ষণ কৰা বুলি চুবুৰীয়া ৰাষ্ট্র দক্ষিণ কোৰিয়াৰ জইণ্ট চীফ অৱ ষ্টাফগৰাকীয়ে দেশখনৰ সংবাদ মাধ্যমত প্রচাৰ কৰিছে৷ বিশ্বৰ শক্তিশালী দেশসমূহক ভেঙুচালি কৰি উত্তৰ কোৰিয়াৰ শাসক পুনে বসন্ত ঋতু আৰম্ভ হোৱাৰ পূর্বে পাৰমাণৱিক অস্ত্র পৰীক্ষণ প্রক্রিয়া আৰম্ভ কৰিলে৷ এই অস্ত্র পৰীক্ষণ কৰাৰ পিছত অনাগত সময়ত পুনৰ অস্ত্র পৰীক্ষণ কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি দক্ষিণ কোৰিয়াই সূক্ষ্ম নিৰীক্ষণ চলাই আছে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু উত্তৰ কোৰিয়াৰ মাজত আলোচনা থমকি ৰোৱাৰ পিছতেই শাসক উনে এই সিদ্ধান্ত গ্রহণ কৰিছে ৷ ইয়াৰ পূর্বেও শাসকগৰাকীয়ে কেইবাবাৰো পাৰমাণৱিক অস্ত্রৰ সফল পৰীক্ষণ কৰিছে ৷
Next Post