নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত যুৱতীৰ অশ্লীল ভিডিঅ’ প্রচাৰত অভিযুক্ত নুৰ আলীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ প্রেমৰ ছলনাৰে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰাৰ পিছত আত্মগোপন কৰি থকা লম্পট এজনক সোমবাৰে আটক কৰিবলৈ সক্ষম হৈছে চন্দ্রপুৰ আৰক্ষীয়ে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি, প্রাগজ্যোতিষপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্রৰ পম খেদি নুনমাটি বন্দনা চিনেমা হলৰ সমীপৰ পৰা আটক কৰে লম্পট যুৱকজনক৷ উল্লেখ্য যে হাতীগাঁৱৰ নুৰ আলী নামৰ যুৱকজনে ২৫ ফেব্রুৱাৰীৰ নিশা নলবাৰীৰ এগৰাকী যুৱতীক প্রেমৰ ছলনাৰে এখন বাৰত নি সুৰাপানৰ জৰিয়তে অচেতন কৰাৰ পিছত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিছিল৷ চেতনা ঘূৰাই পোৱাৰ পিছত যুৱতীগৰাকীয়ে এই কথা জানিব পাৰি দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হয়৷ তাৰ পিছতে যুৱকজনে পিছদিনা অর্থাৎ ২৬ ফেব্রুৱাৰীত যুৱতীগৰাকীক বিয়াৰ প্রলোভনেৰে এখন ছুইফট ডিজায়াৰত উঠাই আনি চন্দ্রপুৰৰ হাজোংবড়িৰ এক নির্জন স্থানত মাৰপিট কৰি গাড়ীৰ পৰা গঁতিয়াই পেলাই পলায়ন কৰে৷ পিছত স্থানীয় লোকে যুৱতীগৰাকীক উদ্ধাৰ কৰি স্থানীয় আৰক্ষীক চমজাই দিয়াত সমগ্র ঘটনা পোহৰলৈ আহে৷ তেতিয়াৰে পৰা যুৱকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও আত্মগোপন কৰি আছিল যুৱকজন৷ বিগত চাৰি দিনৰ অন্তত সোমবাৰে আটক হয় যুৱকজন৷ সম্প্রতি আৰক্ষীয়ে সোধা–পোছা কৰি আছে যুৱকজনক৷

You might also like