বিমানৰ ভিতৰতে সন্তান প্ৰসৱ মহিলাৰ; বিমানৰ জৰুৰী অৱতৰণ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মঙলবাৰে এখন বিমানৰ ভিতৰত এগৰাকী থাইলেণ্ডৰ মহিলাই সন্তান প্ৰসৱ কৰাত কলকাতাস্থিত নেতাজী সুভাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰত জৰুৰী অৱতৰণ কৰে । পাছত বিমানৰ পৰা মহিলাগৰাকী আৰু নৱজাতকটিক ততাতৈয়াকৈ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
৩৫২ গৰাকী যাত্ৰী কঢ়িয়াই লৈ যোৱা QTR830 নম্বৰৰ বিমানখন দোহাৰ পৰা বেংককলৈ যোৱাৰ পথতে এই ঘটনাটো সংঘটিত হয় ।
চিকিৎসালয়খনৰ চিকিৎসকসকলে জনোৱা মতে বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ-পুত্ৰ ।
উল্লেখ্য যে সন্তান প্ৰসৱ কৰা মহিলাগৰাকীৰ নাম ফ্ৰমকাছিকৰ্ন ৱাছানা বুলি জানিব পৰা গৈছে ।