ক’ৰোনাৰ প্ৰভাৱঃ বিশ্বত ক্ষতিগ্রস্ত ১৫৪ কোটি শিক্ষার্থী
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ড্রেগনৰ দেশত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ কবলত পৰি একবিংশ শতিকাৰ মানৱ সভ্যতা সম্প্রতি চৰম সংকটৰ মাজত ককবকাই আছে৷ জনস্বাস্থ্যৰ সমান্তৰালভাৱে অর্থনৈতিক–সামাজিক প্রতিটো খণ্ডকেই মোক্ষম আঘাত হানিছে ‘ক’ভিড–১৯’–এ৷
বিশেষকৈ প্রাণঘাতী ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশে দেশে লকডাউন বলৱৎ কৰাৰ ফলত মহামন্দাৰ গ্রাসত থকা বিশ্ব অর্থনীতিৰ অৱস্থাৰ অধিক অৱনতি ঘটিছে৷ তদুপৰি লকডাউন ঘোষিত হোৱাৰ পাছতো ভাৰতসহ বিভিন্ন ৰাষ্ট্রত বৃদ্ধি হৈ গৈ আছে ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত–মৃতকৰ সংখ্যা৷
ইয়াৰ মাজতে শৈক্ষিক ক্ষেত্রখনতো ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰূপ প্রভাৱ স্পষ্ট হৈছে৷ ৰাষ্ট্রসংঘৰ অন্যতম গুৰুত্বপূর্ণ সংস্থা ‘ইউনেস্কো’ (ইউনাইটেড নেচনছ এডুকেচনেল, ছাইণ্টিফিক এণ্ড কালচাৰেল অর্গেনাইজেচন)–এ শেহতীয়াকৈ সদৰী কৰিছে বিশ্বৰ শিক্ষা জগতখনলৈ ন’ভেল ক’ৰোনা ভাইৰাছে নমাই অনা অন্ধকাৰৰ অশুভ বার্তা৷ ‘ইউনেস্কো’ৰ তথ্য অনুসৰি প্রাণঘাতী ভাইৰাছৰ প্রাদুর্ভাৱ তথা সমগ্র বিশ্বতে অতি ব্যাপক হাৰত ইয়াৰ সংক্রমণৰ ফলত দেশে দেশে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাত ১৫৪ কোটি শিক্ষার্থী ক্ষতিগ্রস্ত হৈছে৷ লক্ষণীয়ভাৱে আনুষ্ঠানিক অধ্যয়নত বিৰূপ প্রভাৱ পৰা এই ১৫৪ কোটি ছাত্র–ছাত্রী সামগ্রিকভাৱে প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়ৰ৷ উল্লেখ্য যে বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰততো দিনকদিনে ক’ভিড–১৯ত আক্রান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে৷ প্রাণঘাতী ভাইৰাছৰ সংক্রমণ ৰোধৰ উদ্দেশ্যে ইতিপূর্বে দেশত বলৱৎ কৰা হৈছে লকডাউন৷ লকডাউনৰ এই সময়ছোৱাত অসমৰ লগতে প্রতিখন ৰাজ্যতে শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে৷ আনকি ছাত্র–ছাত্রীসকলৰ বিভিন্ন পৰীক্ষাও বাতিল কৰা হৈছে এই সময়ছোৱাত৷ ইয়াৰ ফলত স্বাভাৱিকতে ছাত্র–ছাত্রীসকলৰ শৈক্ষিক তথা বিদ্যায়তনিক দিশত বিৰূপ প্রভাৱ পৰাৰ আশংকা প্রকট হৈ পৰিছে৷
শিক্ষানুষ্ঠান বন্ধ ৰাখিবলগীয়া হোৱা সন্দর্ভত সংবাদ প্রতিষ্ঠান পিটিআইৰে হোৱা এক সাক্ষাৎকাৰত গুৰুত্বপূর্ণ মন্তব্য কৰিছে ‘ইউনেস্কো’ৰ শিক্ষা বিষয়ক সহকাৰী সঞ্চালকপ্রধান ষ্টেফেনিয়া গিয়ান্নিনিয়ে৷ তেওঁৰ মতে, এনেদৰে শিক্ষানুষ্ঠান বন্ধ ৰখাটো বিদ্যালয় আধাতে ত্যাগ কৰা (ড্রপ আউট) ছাত্র–ছাত্রীৰ সংখ্যা বৃদ্ধিৰ অশনি সংকেত হ’ব পাৰে৷ লগতে ই শিক্ষাত অদূৰ ভৱিষ্যতে লিংগ ব্যৱধান বৃদ্ধি কৰিব৷ বিশেষকৈ ছাত্রীসকল ইয়াৰ বাবে সন্মুখীন হ’ব মাৰাত্মক ক্ষতিৰ৷ লিংগ বৈষম্য, যৌন শোষণ, সময়ৰ পূর্বে গর্ভধাৰণ আৰু আগতীয়াকৈ বিবাহত বহাৰ বাবে জোৰ–জুলুম কৰা আদি কার্যত ই উদগনি যোগাব৷
সমগ্র বিষয়টোক লৈ প্রতিক্রিয়া ব্যক্ত কৰি ‘ইউনেস্কো’ৰ শীর্ষ বিষয়াগৰাকীয়ে স্পষ্টভাৱে কয়– ‘আন্তর্জাতিকভাৱে শিক্ষাগ্রহণ কৰি থকা মুঠ ছাত্র–ছাত্রীসকলৰ ভিতৰত ৮৯ শতাংশই সম্প্রতি ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত শিক্ষানুষ্ঠানৰ বাহিৰত থাকিবলগীয়া হৈছে৷ এই ৮৯ শতাংশই প্রতিনিধিত্ব কৰা শিক্ষার্থীৰ মুঠ সংখ্যা হ’ব ১৫৪ কোটি৷ তেওঁলোক বিদ্যালয় পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়ৰ ছাত্র–ছাত্রী৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল সাম্প্রতিক পৰিস্থিতিৰ কাৰণে শিক্ষানুষ্ঠানলৈ নোযোৱাকৈ থকা উক্ত ১৫৪ কোটি শিক্ষার্থীৰ ভিতৰত প্রায় ৭৪ কোটিয়েই ছাত্রী৷ এওঁলোকৰ আকৌ ১১ কোটি ছাত্রী উন্নয়নশীল দেশৰ একেবাৰে নিম্ন স্থানত থকা ৰাষ্ট্রসমূহত বসবাস কৰা৷ য’ত শিক্ষাগ্রহণ কৰাটো একপ্রকাৰ সংগ্রাম ৰূপে চিহ্ণিত হৈছে৷ শিক্ষানুষ্ঠানৰ দুৱাৰ পুনৰ মুকলি হ’লেও একাংশ ছাত্রীয়ে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবলৈও যে ঘূৰি আহিব, তাক লৈ তেওঁ সংশয় ব্যক্ত কৰে৷ অস্থায়ীভাৱে হ’লেও শিক্ষানুষ্ঠান বন্ধ ঘোষণাই বিভিন্ন দিশত সমস্যাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে শৈক্ষিক উৎকর্ষতাত ই বিৰূপ প্রভাৱ পেলায়৷
যেতিয়া শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হয়, তেতিয়া শৈক্ষিক পাৰদর্শিতাই সমস্যাৰ সন্মুখীন হয়৷ ঠিক সেইদৰে অন্যান্য দিশতো ই সমস্যাৰ সৃষ্টি কৰে৷ বিশেষকৈ পিতৃ–মাতৃয়ে সন্তানৰ লালন–পালনত অধিক সময় দিবলগীয়া হোৱাৰ বাবে তেনে পৰিয়ালৰ অর্থনীতিক সমস্যাত পেলাব পাৰে৷ এনে অৱস্থাত ‘ইউনেস্কো’ৰ শীর্ষ বিষয়াগৰাকীয়ে ছটা গুৰুত্বপূর্ণ পৰামর্শ ৰণকৌশল হিচাপে গ্রহণ কৰিবলৈ চৰকাৰৰ প্রতি পৰামর্শ আগবঢ়াইছে৷ এই পৰামর্শ দুটা হ’ল– সঠিক দূৰৱর্তী শিক্ষা গ্রহণৰ আখৰা, ডিজিটেল ক্ষেত্রৰ বিবেচনা, মুখ্য সেৱাসমূহক সুৰক্ষা প্রদান, যুৱপ্রজন্মক নিয়োজিত কৰা আৰু শিক্ষক–সামাজিক সমুদায়ৰ মাজত সমন্বয় গঢ়ি তোলা৷