মঙললৈ নাছাই প্রেৰণ কৰিব লগা ৰ’ভাৰৰ নাম হ’ব পাৰছেভাৰেন্স
নিয়মীয়া বাৰ্তা, ৭ মার্চঃ চলিত বর্ষৰ গ্রীষ্ম কালতে আমেৰিকাই ৰঙা গ্রহ মঙললৈ প্রেৰণ কৰিব এক ৰ’ভাৰ৷ বর্তমানলৈ এই ৰ’ভাৰৰ প্রকল্প সন্দর্ভত কোনাধৰণৰ তথ্য মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰা নাই যদিও এগৰাকী বিজ্ঞানীয়ে ৰ’ভাৰটোৰ নাম প্রিজাৰভেন্স হ’ব বুলি সদৰী কৰিছে৷ উল্লেখনীয় যে আমেৰিকাৰ একাংশ বিদ্যালয়ৰ শিক্ষার্থীয়ে এই ৰ’ভাৰটোৰ নাম বাছনি কৰিছিল৷ মুঠ ৯টা নামৰ পৰা পাৰছেভাৰেন্স বাছনি কৰিছে নাছাৰ বিজ্ঞানীসকলে৷ উল্লেখনীয় যে এই পাৰছেভাৰেন্স ৰ’ভাৰে ৰক্তাভ গ্রহটোৰ পৰা পৃথিৱীলৈ শিল কঢ়িয়াই অনাৰ প্রচেষ্টা চলাব ৷ এই শিলৰ ওপৰতেই নাছাৰ বিজ্ঞানীসকলে আৰম্ভ কৰিব বিভিন্ন ধৰণৰ অধ্যয়ন তথা গৱেষণা ৷ নাছাৰ বিজ্ঞানীসকলৰ মতে পাৰছেভাৰেন্স ৰ’ভাৰে মঙলত জীৱৰ অস্তিত্ব আছে নে নাই সেই সন্দর্ভত তথ্যৰ সন্ধানৰ ক্ষেত্রত বিশেষ সুযোগ প্রদান কৰিব৷ স্মর্তব্য যে এই ৰ’ভাৰটোৰ নামকৰণৰ বাবে ২৮,০০০ শিক্ষার্থীয়ে নিজৰ নিজৰ পছন্দৰ নাম নাছালৈ প্রেৰণ কৰিছিল ৷ কিন্তু ভার্জিনিয়াৰ তেৰ বছৰীয়া ছাত্র আলেকজেণ্ডাৰ মথাৰে প্রেৰণ কৰা পাৰছেভাৰেন্স নামটো পছন্দ কৰে নাছাৰ বিজ্ঞানীসকলে ৷ চূড়ান্ত পর্যায়লৈ নটা নাম বাছনি কৰা হৈছিল যদিও আলেকজেণ্ডাৰে প্রথম স্থান লাভ কৰে ৷