নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু উপত্যকা ইটালীঃ ২৪ ঘণ্টাত মৃত্যু ৭৯৩ জনৰ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ প্ৰতিটো দিনতেই ইটালীত এতিয়া বৃদ্ধি পাইছে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা । শুকুৰবাৰে ইটালীত ৬২৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শনিবাৰে অৰ্থাৎ মাত্ৰ ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৯৩ গৰাকীকৈ লোকৰ । বৰ্তমানলৈকে ইটালীত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৪,৮২৫ জন ।

প্ৰতিটো দিনতেই ইটালীত বৃদ্ধি পাইছে মৃত্যুৰ হাৰ । শুকুৰবাৰৰ তুলনাত শনিবাৰে মৃত্যুৰ হাৰ বৃদ্ধি পালে ১৯.৬ শতাংশ । নতুনকৈ পুনৰ ৬,০০০ লোকৰ শৰীৰত লাভ কৰিছে মাৰাত্মক ক’ভিড – ১৯ । শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে ইটালীত আক্ৰান্ত হৈছে মুঠ ৫৩,৫৭৮ গৰাকী লোক ।

সমগ্ৰ ইটালীকেই এতিয়া চৰকাৰে লকডাউন ঘোষণা কৰাৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহা পৰ্যন্ত চলি থাকিব লকডাউন । ইটালীৰ উত্তৰ প্ৰান্তত সকলোতকৈ বেছি মানুহ ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । উত্তৰ অঞ্চলত ২৫,৫১৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩,০৯৫ জন লোকৰ । সমগ্ৰ ইটালীতে মুঠ ৬,০৭২ গৰাকীকৈ লোকে ক’ৰোনাৰ লগত যুঁজ দি জয় হ’বলৈ সক্ষম হৈছে ।

You might also like