নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু উপত্যকা ইটালীত ২৪ঘণ্টাতে প্ৰাণ হেৰুৱালে ৮১২জনেঃ স্পেইনত ৮৫হাজাৰ সংক্ৰমিত

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ প্ৰাণঘাতী মহামাৰী ক’ৰোণাত সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোক আক্ৰান্ত হৈছে।প্ৰাণ হেৰুৱাইছে ৩৬,২০৭জনে। যোৱা বৰ্ষৰ ডিচেম্বৰত চীনৰ য়ুহান প্ৰদেশত আৰম্ভ হোৱা এই ভাইৰাছৰ সংক্ৰমণ এতিয়া বিশ্ৱৰ ১৯৯খন ৰাষ্ট্ৰলৈ সম্প্ৰসাৰিত হ’ল। এই মহামাৰীত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইউৰোপ মহাদেশৰ দেশসমূহ। শেহতীয়া তথ্যমতে ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণত আক্ৰান্ত হোৱা ৭লাখ ৫২হাজাৰ ২৯৭জন লোকৰ সৰ্বাধিক ইউৰোপ মহাদেশৰ।

           ইউৰোপৰ সৰ্বাধিক আক্ৰান্ত ইটালী আৰু স্পেইনত। মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালীত এতিয়ালৈকে ১,০১,৭৩৯জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১১,৫৯১জন। যোৱা ২৪ ঘণ্টাত দেশখনত প্ৰাণ যায় ৮১২জনৰ। আনহাতে স্পেইনত আক্ৰান্ত হৈছে ৮৫,১৯৫জন, প্ৰাণ হেৰুৱাইছে ৭,৩৪০জনে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৩৭জনৰ। এই দুখন দেশৰ পাছতে জাৰ্মানীত ৬৩,৯২৯জন, ফ্ৰান্সত ৪০,১৭৪জন, ব্ৰিটেইনত ২২,১৪১জন, ছুইজাৰলেণ্ডত ১৫,৫২৬জন, বেলজিয়ামত ১১,৮৯৯জন আৰু নেডাৰলেণ্ডত ১১,৭৫০জন লোক আক্ৰান্ত হৈছে। চীনত পৰিস্থিতি উন্নতি হৈছে যদিও এতিয়াও ৮১,৪৭০জন আক্ৰান্ত লোক আছে। ইৰাণত ৪১,৪৯৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২,৭৫৭জনৰ। ইফালে আমেৰিকাত শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। শেহতীয়া তথ্য মতে দেশখনত ১,৪৫,৪৪৩জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে ২,৬১৩জনে প্ৰাণ হেৰুৱাইছে।

You might also like