লতা মংগেশকাৰৰ ‘মেৰা ডিল য়ে পুকাৰে আজা’ গীতত নৃত্য পাক আৰক্ষী আয়েচাৰ
নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ ‘মেৰা ডিল য়ে পুকাৰে আজা’ শীর্ষক গীতত পাকিস্তানী মহিলা এগৰাকীয়ে নৃত্য কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ বিবাহৰ কার্যসূচীত আয়েচা নামৰ পাকিস্তানী মহিলা আৰক্ষীগৰাকীয়ে লতা মংগেশকাৰৰ গীতটিত নৃত্য পৰিৱেশন কৰি উপস্থিত লোকসকলক মুগ্ধ কৰাই নহয়, ছ’চিয়েল মিডিয়াতো চর্চাৰ বিষয় হৈ পৰিছে৷
ইনষ্টাগ্রামৰ জৰিয়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো ইতিমধ্যে ৭.৬২ নিযুত লোকে প্রত্যক্ষ কৰাৰ লগতে ৪৯৪ হাজাৰজনে পছন্দ কৰিছে৷ যোৱা ৩ ডিচেম্বৰত আপলোড কৰা এই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আমোদজনক মন্তব্য প্রকাশ পাইছে৷
ইনষ্টাগ্রামত এক্ষা কুৰেঙে এই ভিডিঅ’টো প্রচাৰ কৰি নৃত্য কৰা মহিলাগৰাকীক আৰক্ষী, ছুপাৰ মডেল, বক্সাৰ, ৰাইডাৰ আৰু হায়কাৰ হিচাপে বর্ণনা কৰিছে৷ ভিডিঅ’টোত কোনোবাই মহিলাগৰাকীৰ প্রতি আকর্ষণ প্রকাশ কৰাৰ উপৰি আন একাংশই সুন্দৰী মহিলাগৰাকীৰ নৃত্যক ভূয়সী প্রশংসা কৰিছে৷ সেউজীয়া লেহেংগাতকৈ খাকী পোছাকত অধিক শুৱনি দেখা বুলিও ইনষ্টাগ্রামৰ অনুগামীয়ে মন্তব্য কৰিছে৷
উল্লেখ্য যে ভাৰতত উৰফি জাভেদকে ধৰি অনেকে অল্পবস্ত্র পৰিধান কৰি ছ’চিয়েল মিডিয়াত আলোকচিত্র আৰু ভিডি’ প্রচাৰ কৰি জনপ্রিয়তা অর্জন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সময়তে পাকিস্তানী মহিলা আৰক্ষী এগৰাকীয়ে লতা মংগেশকাৰৰ গীতত নৃত্য কৰি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰাই নহয়, ছ’চিয়েল মিডিয়াৰ অনুগামীৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছে৷
View this post on Instagram