নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু বন্দীক মৃত্যুদণ্ড নিদিয়ে ছৌদি আৰবে

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ কট্টৰ ইছলামিক ৰাষ্ট্র ছৌদি আৰবে বিভিন্ন অপৰাধৰ বাবেপ্রদান কৰি অহা শাস্তি লাঘৱ কৰাৰ সিদ্ধান্ত লৈছে৷ নাবালক অৱস্থাত অপৰাধ সংঘটিত কৰা বন্দীসকলক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিব ছৌদি আৰবে৷ দেশখনৰ মানৱ অধিকাৰ আয়োগে শেহতীয়াকৈ এই সিদ্ধান্ত গ্রহণ কৰিছে৷ স্মর্তব্য যে মাত্র দুদিন পূর্বে দেশখনৰ শীর্ষ আদালতে বেত্রাঘাতৰ শাস্তি পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ শীর্ষ আদালতখনৰ সিদ্ধান্তৰ মাত্র দুদিন পাছতে সম্রাট ছলমানে জাৰি কৰিছে এক ডিক্রি৷ এই ডিক্রিত উল্লেখ কৰা হৈছে যে শিশু অপৰাধীসকলক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়া হ’ব৷ অৱশ্যে মৃত্যুদণ্ডৰ পৰিৱর্তে কাৰাদণ্ড আৰু জৰিমনা বিহাৰ নিয়ম বলৱৎ হ’ব দেশখনত৷ স্মর্তব্য যে শিশুৰ অধিকাৰ সন্দর্ভত ৰাষ্ট্রসংঘৰ এক চুক্তিত ৰিয়াধ প্রশাসনে স্বাক্ষৰ কৰিছে৷ এই চুক্তিত স্বাক্ষৰ কৰাৰ পাছতে চৰম শাস্তিৰ পৰা শিশুসকলে ৰেহাই পোৱাটো নিশ্চিত হৈ পৰিছে৷ স্মর্তব্য যে যুৱৰাজ ছলমানে ছৌদি ৰাজপৰিয়ালৰ বিভিন্ন দায়িত্ব গ্রহণ কৰাৰ পাছতে পূর্বৰ কট্টৰ ইছলামিক নীতি শিথিল কৰি আহিছে দেশখনে৷ আনকি নাৰী আৰু শিশু অধিকাৰৰ ক্ষেত্রত বিভিন্ন সামাজিক নিয়মৰ সংস্কাৰো সাধন কৰা হৈছে৷

You might also like