সুস্থ হৈ ঘৰলৈ উভতিল ক’ৰোনাত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অৱশেষত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ।
উল্লেখ্য যে ২৭ মাৰ্চত ক’ভিড-১৯ ধৰা পৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দেহত । তাৰ পাছতে আছুতীয়াকৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী । কিন্তু স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত ৫ এপ্ৰিলত হাস্পতালত ভৰ্তি কৰা হৈছিল প্ৰধানমন্ত্ৰী জনছনক । ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল।
UK Prime Minister Boris Johnson discharged from hospital reports AFP quoting Downing Street (File pic) pic.twitter.com/dVng9V6zys
— ANI (@ANI) April 12, 2020