নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ আগন্তুক নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন চিঅপি২৬ ক’ৰোনা ভাইৰাছৰ বাবে পিছুৱাই দিয়া হৈছে। স্কটলেণ্ড গ্লাছগো চহৰত এই সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল। স্কটলেণ্ড চৰকাৰে বিশ্বজুৰি ক’ৰোনা মহামাৰী বিস্তাৰৰ বাবে এই জলবায়ু সন্মিলন নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত নকৰে বুলি স্পষ্ট কৰি দিছে। ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখনীয় যে ৰাষ্ট্ৰসংঘৰ জলবায়ু মুৰব্বী পেট্ৰিচিয়া এছপিন’ছাই এই বৈঠকত অংশ গ্ৰহণ কৰিছিল। বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষনেতাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়েও গ্লাছগোৰ জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছিল। আগন্তুক বৰ্ষৰ প্ৰথম ভাগতে এই গুৰুত্বপূৰ্ণ জলবায়ু সন্মিলন অনুষ্ঠান অনুষ্ঠিত হ’ব। স্কটলেণ্ডৰ গ্লাছগোত হ’বলগীয়া এই সন্মিলনত সহযোগী আয়োজক হিচাপে থাকিব ইটালী। বৈঠকত অংশগ্ৰহণ কৰি এছপিন’ছাই কয় যে ক’ভিড-১৯ মানৱ জাতিৰ বাবে তাৎক্ষণিকভাৱে আহি পৰা এক ভাবুকি। জলবায়ু পৰিবৰ্তন মানৱজাতিৰ বাবেই ভাবুকি। কিন্তু এই তাৎক্ষণিক ভাবুকিক এৰাই চলিব পৰা নাযায়। গতিকে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ অধিক প্ৰয়োজন হৈ পৰিছে। এনে পৰিস্থিতিত গুৰুত্বপূৰ্ণ হলেও ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়ে নেত্ৰীগৰাকীয়ে। স্মৰ্তব্য যে ক’ৰোনা ভাইৰাছৰ বাবেই বিভিন্ন দেশত বন্ধ হৈ আছে জলবায়ু আন্দোলন।